ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত বার্ষিক “বঁটা বিতৰণী অনুষ্ঠান”ৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় “শ্রেষ্ঠ ছাত্র-ছাত্রী বঁটা”, ‘শ্রেষ্ঠ স্নাতক বঁটা” আৰু “শ্রেষ্ঠ গ্ৰন্থাগাৰ ব্যৱহাৰকাৰী বঁটা” বিতৰণ কৰা হয়। শিক্ষা, ক্রীড়া, সংস্কৃতি আৰু সাহিত্যৰ ক্ষেত্ৰত উৎকৃষ্টতা প্রদর্শনকাৰী মহাবিদ্যালয়ৰ তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীক বছৰি ছটাকৈ “শ্রেষ্ঠ ছাত্র-ছাত্রী বঁটা” প্রদান কৰা হয়। প্রতিটো বঁটাত দহ হেজাৰ টকা, এটা প্রমাণ পত্র আৰু এটা মেমেন্টো থাকে। মহাবিদ্যালয়ৰ দাতা পৰিয়ালৰ সদস্য, বিশিষ্ট সমাজ সেবক তথা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য শ্রীযুত কমলজিৎ ভৰালীয়ে এই বঁটা প্ৰদান কৰে। প্ৰয়াত ললিত চন্দ্ৰ ভৰালীদেৱৰ আবক্ষ প্রতিমূৰ্তিত পুষ্পাঞ্জলিৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অমৰেন্দ্ৰ কলিতাই আদৰণি ভাষণ প্রদান কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচার্য ড° ৰমেশ চন্দ্ৰ ডেকা। ড° ডেকাই ছাত্র-ছাত্রীৰ উদ্দেশ্যে যুগপোযোগী ভাষণ প্ৰদানৰ পিছত ভায়োলিনত শংকৰদেৱৰ বৰগীত আৰু কামৰূপীয়া লোকগীত বজাই দর্শকক মন্ত্রমুগ্ধ কৰে। গৌহাটী বিশ্ববিদ্যালয়ৰ ‘মহাবিদ্যালয় উন্নয়ন পৰিষদ’ৰ সঞ্চালক তথা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি প্রোফেছৰ প্ৰদীপ ফুকন, মহাবিদ্যালয়ৰ দাতা পৰিয়ালৰ সদস্য কমলজিৎ ভৰালী আৰু গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৬০ অজন্তা ডেকাও এই অনুষ্ঠানত উপস্থিত থাকে।
বঁটা প্রাপক হ’ল…
শ্রেষ্ঠ ছাত্র বঁটা বিজ্ঞান শাখাৰ ৫ম ষান্মাসিকৰ হৃষিকেশ বুঢ়াগোঁহাই,
শ্রেষ্ঠ ছাত্রী বঁটা বিজ্ঞান শাখাৰ ৫ম ষান্মাসিকৰ আলমাজ আহমেদ আৰু
কলাশাখাৰ ৫ম ষান্মাসিকৰ নিশিতা ডেকা,
শ্রেষ্ঠ খেলুৱৈ বঁটা বিজ্ঞান শাখাৰ ৫ম ষান্মাসিকৰ ছাত্ৰ ইণ্ডাছ দৈমাৰী,
শ্রেষ্ঠ সাহিত্যচর্চাকাৰী বঁটা কলা শাখাৰ ৩য় ষান্মাসিকৰ ছাত্ৰী গৰীয়সী দত্ত,
শ্রেষ্ঠ সংস্কৃতিচর্চাকাৰী বঁটা কলা শাখাৰ ৩য় ষান্মাসিকৰ ছাত্ৰ অভিজিত বর্মন।
ইয়াৰ উপৰিও কলা, বিজ্ঞান, বি.চি.এ. আৰু বি.এচ.চি আই. টি. ত বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত
মহাবিদ্যালয়ৰ সৰ্বাধিক নম্বৰ পোৱা ৪ জন ছাত্র-ছাত্রীক “ৰত্নেশ্বৰ বৰুৱা সোঁৱৰণী মেধা বঁটা” প্রদান কৰা হয়। বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত মহাবিদ্যালয়ৰ পৰা ইংৰাজী মেজৰত সৰ্বাধিক নম্বৰ পোৱা গৰাকীক “বসন্ত কুমাৰ বৰুৱা সোঁৱৰণী মেধা বঁটা প্ৰদান কৰা হয়। এই বছৰ বিজ্ঞান শাখাত পার্থ প্রতিম কলিতা, কলা শাখাত নিশা কুমাৰী পাঠক, বি.চি.এ. শাখাত ফাল্গুনী মজুমদাৰ আৰু বি.এচ.চি আই. টি. ত ওরাছিউল ইসলামে “ৰত্নেশ্বৰ বৰুৱা সোঁৱৰণী মেধা বঁটা” লাভ কৰে। এই বঁটাত ৫০০০ টকা, গামোছা আৰু এখন মানপত্র প্রদান কৰা হয়। এই বছৰ “বসন্ত কুমাৰ বৰুৱা সোঁৱৰণী মেধা বঁটা” লাভ কৰে অঞ্জলি দেরে, য’ত থাকে ৬০০০ টকা, এখন গামোছা আৰু এখন মানপত্র। এই বছৰ “শ্রেষ্ঠ গ্রন্থাগাৰ ব্যৱহাৰকাৰী বঁটা লাভ কৰে অধ্যাপিকা নিশিব্রতা হাজৰিকা, ৩য় ষান্মাসিকৰ ছাত্রী সঞ্চিতা ঘোষ আৰু টিনা বৰুৱাই।

