লাহোৱালত পথ আৰু নামঘৰৰ আধাৰশিলা বিধায়ক বিনোদ হাজৰিকাৰ

অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ ২০২৪-২৫ বৰ্ষৰ অধীনত চাবুৱা-লাহোৱাল সমষ্টিৰ অন্তৰ্গত চিৰিংহোলা গাঁও পঞ্চায়তৰ নাহৰ সাঁকো গাঁৱত ৩ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া “মায়ামৰা বৈষ্ণৱ নামঘৰ”ৰ আধাৰশিলা স্হাপন কৰে বিধায়ক বিনোদ হাজৰিকাই৷

আনহাতে যোৱা ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহল আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত ৮৭ নং চাবুৱা-লাহোৱাল সমষ্টিৰ অন্তৰ্গত“নাহৰসাঁকো-কচুৱনী” পথৰ আধাৰশিলা স্হাপন কৰে বিধায়ক বিনোদ হাজৰিকাই৷ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ চাবুৱা-লাহোৱাল সমষ্টিৰ খোৱাং আৰু টিংখাং ক্ষেত্ৰীয় পথ সংমণ্ডলৰ দ্বাৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ MMPPNA আঁচনিৰ অধীনত RIDF-XXXI পুঁজিৰ দ্বাৰা ১৬২০.০০ মিটাৰ দৈঘ্যৰ ১৪০.১৬ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া পথটোৰ আধাৰশিলা স্হাপন কৰি বিগত পাঁচ বছৰত বিভিন্ন পথ, দলং আৰু উন্নয়নমূলক কামৰ বিষয়ে অৱগত কৰে বিধায়ক গৰাকীয়ে৷

Related Articles