ৰাষ্ট্ৰবাদী চেতনাৰে উদ্বুদ্ধ হৈ কাম কৰি যাবলৈ আহ্বান সভাপতি দিলীপ শইকীয়াৰ
ড° হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হবলৈ বিজেপিলৈ আহিছোঁ : শংকৰজ্যোতি বৰুৱা

১৪.৫০ কোটি প্ৰাথমিক সদস্য আৰু ১২ লাখ সক্ৰিয় সদস্যৰে ভাৰতীয় জনতা পাৰ্টিয়ে আজি সমগ্ৰ বিশ্বতে এক সুকীয়া স্থান দখল কৰিছে ৷ ৰাষ্ট্ৰীয়তাবাদী চেতনাৰে জাগ্ৰত বিজেপিৰ লক্ষ লক্ষ সদস্যই আজি কাম কৰি আহিছে ৷ এই মন্তব্য অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ । আজি বশিষ্ঠস্হিত দলৰ মুখ্য কাৰ্যালয়ত সদৌ অসম ছাত্ৰ সন্হাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে আদিবাসী , গোৰ্খাকে ধৰি কেবাটাও জাতীয় সংগঠনৰ শতাধিক নেতা-কৰ্মীয়ে যোগদান কৰা দলীয় যোগদান কাৰ্যসূচীত উপস্থিত থাকি শইকীয়াই কয় যে সমগ্ৰ দেশৰ ৭১ শতাংশ ভৌগোলিক এলেকাত পৰিবেষ্টিত বিজেপি আজি সমগ্ৰ ভাৰতৰ এক বৃহৎ ৰাজনৈতিক দল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশে আজি সমগ্ৰ বিশ্বত যি এক সুকীয়া স্থান দখল কৰিছে তাৰবাবে আমি গৌৰৱাম্বিত ৷ তেনেদৰে অসমতো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম বিকশিত ৰাজ্য হিচাপে সমগ্ৰ দেশত পৰিচিত হৈছে ৷ তাৰবাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লৈ আমি গৌৰৱবোধ কৰোঁ বুলিও সভাপতি শইকীয়াই মন্তব্য কৰে । আজি যোগদান কৰা সকলে আই অসমী আৰু মা ভাৰতীৰ কাৰণে সেৱা কৰি যাব বুলি আশা কৰি দলৰ ৰাজ্যিক সভাপতি শইকীয়াই কয় যে আমাৰ এই যাত্ৰাত আপোনালোকৰ সহযোগ নিশ্চিত হব বুলি আমি আশাবাদী।

আজিৰ যোগদান কাৰ্যসূচীত আছু নেতা শংকৰজ্যোতি বৰুৱাৰ লগতে প্ৰাগজ্যোতিষ কলেজৰ প্ৰাক্তন অধ্যক্ষ মনোজ কুমাৰ মহন্ত , যুৱ গায়িকা তৃণ শৰ্মা , যুৱনেতা দীপাংকৰ ওজা , অসম চৰকাৰৰ বিত্ত বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া হেমন্ত কুমাৰ দেউৰী , আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে কনক গগৈ , ৰাজীৱ গগৈ , ৰক্তিম বৰা , আছুৰ তিনিচুকীয়া জিলা কমিটিৰ প্ৰাক্তন সভাপতি সত্য বৰগোহাঁই , আছুৰ মাজুলী জিলা কমিটিৰ প্ৰাক্তন সভাপতি প্ৰাণজিৎ হাজৰিকা , আটছাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক শিবু কৰ্মকাৰ , দুলীয়াজান আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি বাবলু ভূমিজ , গোৰ্খা ছাত্ৰ সন্হাৰ ডিব্ৰুগড় জিলা কমিটিৰ সহঃ সাধাৰণ সম্পাদক দামোদৰ শৰ্মা, সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদ কমিটিৰ সদস্য সমীৰঞ্জন বৰশইকীয়া , আছাৰ ডিব্ৰুগড় জিলা কমিটিৰ প্ৰাক্তন মুখ্য উপদেষ্টা ৰমেশ গঢ় , ডিব্ৰুগড় জিলা আছুৰ প্ৰাক্তন উপসভাপতি দীপজ্যোতি দিহিঙীয়া , অৱসৰপ্ৰাপ্ত উপ বন-সংৰক্ষক খৰ্গ সিং ডেকাৰজা , মৰিগাঁও জিলা নাথ যোগী সন্মিলনৰ সভাপতি নৱ কান্ত নাথ , অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া দুলেন পাটৰকে ধৰি সমাজৰ বিভিন্ন স্তৰৰ ভালেসংখ্যক ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷ ৰাজ্যিক সাধাৰণ সম্পাদক অনুপ বৰ্মনে আতধৰা যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ প্ৰভাৰী হৰিশ দ্বিৱেদী , সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু , কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে ৷


