কামৰূপ গ্ৰাম্যৰ কেন্দুকোনাৰ লাউকুৰিত শনিবাৰে শিক্ষাবিদ তথা পুঠিমাৰীৰ জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ গ্ৰন্থ ব্যাকৰণৰ আদিপাঠ উন্মোচন কৰা হয়।

লাউকুৰিৰ নিজাবাসভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নিত্যানন্দ কলিতাই। উমেশ কলিতাই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভা খনত সভাপতিত্ব কৰে গুৱাহাটীৰ ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অমৰেন্দ্ৰ কলিতাই। গ্ৰন্থ খন উন্মোচন কৰি উন্মোচক পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নিত্যানন্দ কলিতাই কয় যে গ্ৰন্থই মানুহক সঠিক পথৰ সন্ধান দিয়ে। প্ৰবীণ শিক্ষাবিদ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই বয়সৰ বাধাকো নেওচি গ্ৰন্থ ৰচনাৰ দৰে মহান কামত ব্ৰতী হৈ থকাৰ কথা উল্লেখ কৰি ডঃ কলিতাই কয় যে সকলো কথাৰ মূলতে হৈছে মানুহৰ মনটো। মনটোক সঠিকৰূপত প্ৰস্তুত কৰি লব পাৰিলেই সকলো কাম কৰিব পাৰি।
গ্ৰন্থ উন্মোচনী অনুষ্ঠানত স্থানীয় লোকৰ লগতে বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য আজি শিক্ষাবিদ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ পত্নী বিমলা ভট্টাচাৰ্যৰ তৃতীয় বাৰ্ষিক আদ্য শ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিৰ আয়োজন কৰা হয়।

