অসমৰ শিল্পী সকলৰ সামাজিক সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি পাঞ্জাবাৰীৰ অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ণ নিগম পৰিসীমিতৰ কাৰ্যালয় সংলগ্ন আইদেউ ছবি গৃহত আয়োজিত এক অনুষ্ঠানত
শিল্পী সকলৰ এক স্বাস্হ্য বীমা আঁচনিত নাম পঞ্জীয়ণৰ বাবে সুবিধা হোৱাকৈ এক পৰ্টেল আনুষ্ঠানিক ভাৱে আজি উন্মোচন কৰা হয়।

এই পৰ্টেলটো আভাসিক ভাৱে টিংখাঙৰ পৰাই ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই উন্মোচন কৰে।

উন্মোচনী ভাষণত মন্ত্রী বড়াই শিল্পী সকলেই সাংস্কৃতিক ভাৱে জাতিটোক সঞ্জীৱিত কৰি ৰাখে বুলি উল্লেখ কৰি তেখেত সকলে যাতে চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত দূৰ্দশাত পৰিবলগীয়া নহয় তাৰ বাবেই এই স্বাস্থ্য বীমাৰ ব্যৱস্হা কৰা হৈছে বুলি কয়।
ইয়াৰ বাবে অভিনয়, নৃত্য, সংগীত, চিত্ৰশিল্পী, কাৰ্টুনিষ্ট আদি শিল্পীসকল এই স্বাস্থ্য বীমা আচনিৰ বাবে যোগ্য বিবেচিত হ’ব বুলি উল্লেখ্য কৰি মন্ত্রী বড়াই ইয়াৰ বাবে শিল্পী সকলক বয়সৰ পাঁচটা শাখাত ভাগ কৰা হৈছে বুলিও ভাষণত কয়।
১৮ৰ পৰা ২৮ বছৰৰ আৰু ২৯-৪০ বছৰ বয়সৰ শিল্পী সকলে তিনি লাখ টকাৰ বীমাৰ ধন লাভ কৰাৰ বিপৰীতে ৪১-৫০ বছৰৰ সকলে চাৰি লাখ টকাৰ,৫১-৬০বছৰৰ সকলে পাঁচ লাখৰ আৰু ৬১ৰ পৰা ৭০ বছৰ বয়সৰ শিল্পী সকলে ছয় লাখ টকা পৰ্যন্ত এই আঁচনিৰ অধীনত স্বাস্হ্য বীমাৰ সুবিধা লাভ কৰিব বুলি মন্ত্রী বড়াই উল্লেখ কৰে।
তিনি বছৰৰ বাবে বীমাৰ সুবিধা লাভ কৰিব লগা শিল্পী সকলক অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম(এ এছ এফ এফ ডি চি)ৰ অধীনত এখন উচ্চ স্তৰীয় সমিতিয়ে বাছনি কৰিব বুলি ব্যক্ত কৰি মন্ত্রী গৰাকীয়ে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় বা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা বা প্ৰমাণ পত্ৰ লাভ কৰা শিল্পী সকলে অগ্ৰাধিকাৰ পাব বুলিও কয়।
বীমা আঁচনিখনৰ সুবিধা লবলৈ শিল্পী সকলে অন লাইন যোগে যোগে আবেদন কৰিব লাগিব। মন্ত্রী বড়াই উল্লেখ কৰা অনুসৰি ৱেব ছাইট www.arhi.cloud ত অথবা https://filmfinance.assam.gov.in ত লগ ইন কৰি অহা ৭জানুৱাৰী,২০২৬ তাৰিখৰ নিশা ১২ বজাৰ ভিতৰত আবেদন পত্ৰ পূৰাব লাগিব।
এই স্বাস্হ্য বীমা আঁচনিখনে শিল্পী সকলক উপকৃত কৰিব বুলি পৰ্টেলটো উন্মোচন কৰি সাংস্কৃতিক মন্ত্রী বড়াই কয়।
আনুষ্ঠানিক ভাৱে এই বীমা আঁচনিখনৰ বাবে পৰ্টেলটো উন্মোচনৰ পূৰ্বে এ এছ এফ এফ ডিচিৰ অধ্যক্ষ সীমান্ত শেখৰে গ্ৰুপ বীমা আঁচনিখনৰ প্ৰেক্ষাপট বৰ্ণনা কৰাৰ লগতে শিল্পী সকলে কিদৰে ইয়াৰ সুবিধা লব পাৰিব সেই বিষয়ে বিস্তৃত ভাবে কয়। বহু সময়ত ধনৰ অভাৱত প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত বহু শিল্পীয়ে পৃথিৱী এৰি যাবলগীয়া হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে এই আঁচনিখন চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমে যুগুটাই উলিওৱা বুলিও তেওঁ দোহাৰে।
এইপৰ্টেল উন্মোচনী অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীয়ে ভাষণ প্ৰদান কৰি অসমৰ কলা শিল্পৰ জগতখন বৈচিত্র্যময় বুলি উল্লেখ কৰি শিল্পী সকলক এনে ধৰণৰ সুবিধা প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব বুলিও কয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি নিজৰ স্বাস্হ্যৰ যতন লোৱাটো শিল্পী সকলৰ প্ৰধান দায়িত্ব বুলি মত প্ৰকাশ কৰি এই আঁচনিখনৰ সুবিধা সকলো শিল্পীয়ে যাতে গ্ৰহণ কৰিব পাৰে তাৰ বাবে শিল্পী সকলে পৰস্পৰক সহায় কৰিব লাগে বুলি কয় শ্রী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপ সভাপতি তথা অভিনেতা প্ৰাঞ্জল শইকীয়াই।
এই দিশত শিল্পী সকলক সজাগ কৰাৰ ওপৰত শিল্পী উপকূল বৰদলৈ আৰু ডাঃ হিতেশ বৰুৱাই নিজ নিজ ভাষণত গুৰুত্ব আৰোপ কৰে।
এএছ এফ এফ ডি চিয়ে আয়োজন কৰা অনুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ভালে সংখ্যক শিল্পীৰ লগতে ইয়াৰ উপাধ্যক্ষ ডাঃ আলেক্ষ্য বৰুৱা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব পল্লৱী ফুকনো উপস্থিত আছিল।

