সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাতো দেৱী বন্দনা। আজি সপ্তমী আৰু সপ্তমীৰ দিনটোত ঐতিহাসিক দেৱী দৌলত দেখা গল ভক্তৰ ভিৰ । শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত ২৯৩সংখ্যক দুৰ্গা পূজাৰ বৃহৎ আয়োজন। ১৭৩৪খ্ৰীষ্টাব্দত ৰাণী অম্বিকাৰ দ্বাৰা নিৰ্মিত তিনিটা দলৰ ভিতৰত অন্যতম ঐতিহাসিক দেৱী দৌলৰ দুৰ্গা পূজাই ২৯৩বছৰ অতিক্ৰম কৰিলে।
শক্তি পূজাত বিশ্বাসী অগণন ভক্তই সপ্তমীৰ দিনটোত দেৱী দলত দেৱীৰ চৰণত বলি আগবঢ়ায়। আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে দেৱী দৌলত দুৰ্গতিনাশিনীৰ চৰণত আশীষ গ্ৰহণ কৰাও পৰিলক্ষিত।

