শৰৎ চক্ৰৱৰ্তীৰ সৈতে বাংলাদেশত ভয়ংকৰ কাণ্ড: ২৪ ঘণ্টাত দুজন হিন্দুৰ নৃশংস হত্যাই জোকাৰিছে দেশখন

সাম্প্ৰতিক সময়ছোৱাত বাংলাদেশত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে হিংসাজনিত ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। এই পৰিস্থিতিৰ মাজতেই যোৱা ২৪ ঘণ্টাৰ ভিতৰত দুজনকৈ হিন্দু লোক নৃশংস হত্যাৰ বলি হোৱা ঘটনাই দেশখনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছৰে পৰা বাংলাদেশত সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ ঘটনা অধিক বৃদ্ধি পাইছে। মাত্ৰ যোৱা ১৮ দিনৰ ভিতৰতে দেশখনত ছয়জন হিন্দু লোকক হত্যা কৰা হৈছে বুলি খবৰ পোহৰলৈ আহিছে।

সোমবাৰে (৫ জানুৱাৰী) নিশা নাৰ্চিংদি জিলাত গেলামালৰ দোকানৰ মালিক ৪০ বছৰীয়া শৰৎ চক্ৰৱৰ্তী মণিক অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে। স্থানীয় লোকৰ মতে, দোকানত থকাৰ সময়তেই দুৰ্বৃত্তই মণিৰ ওপৰত আক্ৰমণ চলায়। গুৰুতৰভাৱে আহত অৱস্থাত তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও পথতেই তেওঁৰ মৃত্যু হয়।

শৰৎ চক্ৰৱৰ্তীৰ পত্নী এগৰাকী গৃহিনী আৰু তেওঁলোকৰ এটি ১২ বছৰীয়া পুত্ৰ সন্তান আছে। জানিব পৰা মতে, পূৰ্বে তেওঁ দক্ষিণ কোৰিয়াত কৰ্মৰত আছিল যদিও কিছু বছৰ পূৰ্বে বাংলাদেশলৈ ঘূৰি আহি গেলামালৰ এখন দোকান চলাই আহিছিল। পৰিয়ালৰ লোকৰ ভাষ্য অনুসাৰে, মণিৰ কাৰো সৈতে কোনো শত্রুতা বা ব্যক্তিগত বিবাদ নাছিল আৰু তেওঁ সকলোৰে সৈতে সুসম্পৰ্ক বজাই ৰাখিছিল। তথাপিও তেওঁ এই নৃশংস হত্যাকাণ্ডৰ বলি হ’বলগা হয়।

উল্লেখযোগ্য যে, যোৱা ২৪ ঘণ্টাৰ ভিতৰতে বাংলাদেশত সংঘটিত এইটো দ্বিতীয়টো হিন্দু হত্যাকাণ্ড। ইয়াৰ কিছু সময় পূৰ্বে মণিৰামপুৰত হিন্দু সাংবাদিক তথা ‘বি ডি খবৰ’ৰ কাৰ্যবাহী সম্পাদক ৪৫ বছৰীয়া ৰানা প্ৰতাপ বৈৰাগীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। আৰক্ষীৰ মতে, সোমবাৰে সন্ধিয়া প্ৰায় ৬ বজাত এই আক্ৰমণ সংঘটিত হয়। প্ৰথমে ৰানাৰ মূৰত তিনিটাকৈ গুলী মৰা হয় আৰু তাৰ পাছত ডিঙি কাটি নৃশংসভাৱে হত্যা কৰা হয়।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে ঘটনাস্থলীৰ পৰা সাতটা খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে। প্ৰাথমিক তদন্ত অনুসৰি, ৰানা প্ৰতাপ বৈৰাগী কাৰখানাত কাম কৰি থকা অৱস্থাত আক্ৰমণকাৰী মটৰ চাইকেলেৰে আহি তেওঁক বাহিৰলৈ মাতি নি এই হত্যাকাণ্ড সংঘটিত কৰে।

একেটা দিনতে সংঘটিত এই দুটা নৃশংস হত্যাই বাংলাদেশৰ আইন-শৃংখলা পৰিস্থিতি আৰু সংখ্যালঘু হিন্দু সমাজৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।

Related Articles