সংগীত শিল্পী,সাংস্কৃতিক কৰ্মী,সুৰকাৰ মাধুৰ্য্য বুঢ়াগোহাঁইক ধেমাজিবাসীৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। নব্বৈ দশকত অসমৰ সংগীত জগত খনত খলকনি সৃষ্টি কৰা এগৰাকী তেজোদ্দীপ্ত যুৱক ধেমাজিৰ বঙালীমাৰী গাঁৱৰ সন্তান মাধুৰ্য্য গোহাঁই ৷
‘জীৱনত মই এবাৰহে জান/ ডাঙৰ ভূল কৰিলোঁ/সেয়া হ’ল অন্তৰ খুলি/তোমাক ভাল পাইছিলো…’- এই জনপ্ৰিয় বিহুগীতৰ স্ৰষ্টা শিল্পী মাধুৰ্য্য গোহাঁই আৰু নাই এই গীতটিৰে আলোড়ন সৃষ্টি কৰা ৪৯ বছৰীয়া সংগীত শিল্পী মাধুৰ্য্য গোহাঁই মঙলবাৰে নিশা চিৰবিদায় মাগে ইহ সংসাৰৰ পৰা। কেই মাহ মানৰ আগৰ পৰা বৃক্ক ৰোগত আক্ৰান্ত হৈ মঙল বাৰে নিশা দিল্লীৰ এখন নাৰ্চিং হোমত শেষ নিশ্বাস ত্যাগ কৰে। আজি শিল্পী গৰাকীৰ নশ্বৰ দেহ ধেমাজিত আহি পোৱাৰ পিছতেই PNGB ৰ উদ্যোগত কাছাৰী ময়দানৰ সমীপত পদ্মনাথ গোহাঁই বৰুৱা একাংক প্ৰতিযোগিতা, আছু,
এজেৱাইপি,চিঞৰ,টাইপা,KMSS, AJYP কে ধৰি অৰ্ধ শতাধিক দল সংগঠনে শ্ৰদ্ধাঞ্জলি জনাই৷
উল্লেখ্য যে নব্বৈ দশকৰ বিহুগীতৰ কেছেটৰ অন্যতম জনপ্ৰিয় শিল্পী মাধুৰ্য্য গোহাঁইয়ে ‘পছোৱা’, ‘সোনালী’, ‘বুকুৰ মণি’ ‘মালতী’, ‘বলিয়া বসন্ত’, ‘মৰম’, পছোৱা, ‘ৰাংঢালী’ আদিত প্ৰায় ৩০০ বিহুগীত আৰু বিহুসুৰীয়া আধুনিক গীতৰ কন্ঠদান কৰিছিল। আৰু সিংহভাগ নিজে লিখা গীত আছিল।

