সত্ৰৰ উদাসীন ভকতৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি, লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ শুভাৰম্ভ

সত্ৰীয় পৰম্পৰা আৰু ভকত সমাজৰ কল্যাণৰ দিশত ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সত্ৰৰ উদাসীন ভকতসকলৰ বাবে প্ৰতি মাহে ১৫০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ সত্ৰসমূহ কেৱল ধৰ্মীয় প্ৰতিষ্ঠানেই নহয়, বৰং অসমৰ সংস্কৃতি, ভাষা আৰু সামাজিক মূল্যবোধৰ প্ৰাণকেন্দ্ৰ। সত্ৰসমূহৰ সৈতে জড়িত উদাসীন ভকতসকলৰ জীৱন-জীৱিকা সুৰক্ষিত কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব। সেই উদ্দেশ্যেই এই আঁচনি গ্ৰহণ কৰা হৈছে।

অনুষ্ঠানত উপস্থিত হৈ এজন ৮৩ বছৰীয়া উদাসীন ভকতে আৱেগিক কণ্ঠে কয়—
“মোৰ জীৱনত কেতিয়াও ভাবা নাছিলোঁ যে এই দুৰ্গত আৰু নিষ্পেষিত উদাসীন ভকতসকলৰ কথা এইদৰে চৰকাৰে চিন্তা কৰিব। মুখ্যমন্ত্ৰীয়ে সত্ৰৰ হাজাৰ হাজাৰ বিঘা ভূমিৰ পৰা অচিনাকী দখলদাৰক উচ্ছেদ কৰি সত্ৰসমূহক নতুন জীৱন দিলে। আজি এই দিনটো দেখা পাই মই গভীৰভাৱে কৃতজ্ঞ।”

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে সত্ৰ আৰু সত্ৰীয় ভকতসকল অসমৰ আত্মা। তেওঁলোকৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাটো চৰকাৰৰ প্ৰধান কৰ্তব্য। এই আঁচনিয়ে উদাসীন ভকতসকলৰ জীৱনত আৰ্থিক সহায়ৰ লগতে মানসিক সাহসো যোগাব বুলি তেওঁ আশাবাদ ব্যক্ত কৰে।

ৰাজ্য চৰকাৰৰ এই পদক্ষেপক ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলষ্টোন হিচাপে গণ্য কৰা হৈছে। সত্ৰ সমাজে এই উদ্যোগক উষ্ম আদৰণি জনাইছে আৰু ইয়াৰ জৰিয়তে সত্ৰীয় পৰম্পৰাৰ সংৰক্ষণ অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰিছে।

Related Articles