গুৱাহাটী কলেজত কালি ১৪ নৱেম্বৰ ৰবিবাৰে সদৌ অসম উন্নয়ন পৰিষদৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। এই সভাতে সংগঠনটোৰ নুনমাটি-বামুনিমৈদাম আঞ্চলিক সমিতিখন গঠন কৰা হয় । কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ সভাপতিত্বত অনুস্হিত হোৱা এই সভাত কেন্দ্ৰীয় সাধাৰন সম্পাদক চন্দন বৰদলৈ, সম্পাদক জয়ন্ত গগৈ, ক্ৰীড়া সম্পাদক শান্তনু শইকীয়া, কামৰূপ জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতিম বৰদলৈ, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি কৌশিক বৰাৰ লগতে বিভিন্ন বিষয়ববীয়াসকল উপস্হিত অাছিল । কালি ৰবিবাৰৰ এইখন সভাতে ডেৰ শতাধিক সদস্যই উন্নয়ন পৰিষদত যোগদান কৰে । পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কালিৰ সভাত নিজৰ ভাষণত সকলোকে জাতিৰ প্ৰতি দায়বদ্ধ হৱলৈ অাহ্বান জনায় । অসমীয়া ভাষা সৰ্বষ্টৰত প্ৰয়োগ অাৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক অাৰ্থ সামাজিক উন্নয়নৰ দিশত মনোনিৱেশ কৰিবৰ বাবে অাহ্বান জনায় সভাপতি গৰাকীয়ে । ইয়াৰ লগতে কালি এই সভাতে ৩১ জনীয়া এখন শক্তিশালী নুমমাটি-বামুনিমৈদাম আঞ্চলিক সমিতি গঠন কৰা হয় । অাগন্তুক দিনত এই নতুন সমিতিখনে ৰাইজৰ স্বাৰ্থত কাম-কাজ কৰিব বুলি অাশা প্ৰকাশ কৰিছে সদৌ অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰ সমনিতে অন্য বিষয়ববীয়া সকলে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অপহৰণকাৰীৰ কবলৰ পৰা ওলাই আহিল প্ৰসেনজিৎ নাইডিং…
- গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী ফখৰুদ্দিন আহমেদ…
- ৰাজ্যত ভূমিকম্পৰ জোকৰণি…
- গৰমৰ দিনত AC ৰুমত থাকে নেকি? AC ৰুমত থকা মানুহ কিয় ভাগৰুৱা জানক…
- কিয় ভাৰতলৈ নাহিলে বিশ্বৰ অন্যতম ধনী ব্যক্তি টেছলাৰ স্বত্বাধিকাৰী ইলন মাস্ক…
- হাইস্কুল শিক্ষান্ত পৰীক্ষাত ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ ! ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ আনহাতে তৃতীয় লিংগৰ পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ…
- পৰৱৰ্তী সময়ত ৩৫ দিনৰ ভিতৰত ফলাফল দিয়াৰ ব্যৱস্থা কৰিম এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ…
- নৰসিংহৰ পাতৰ পানী স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী? ই আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে জানি লওক
- হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ ! অনুতীৰ্ণৰ সংখ্যা ১,০১,৭৬১…
- ফলাফলত শীর্ষ ৩ জিলাঃ চিৰাং ৯১.২ শতাংশ, নলবাৰী ৮৮.১ শতাংশ; বাক্সা ৮৬.৯ শতাংশ…