অসম বিধানসভাৰ শীতকালীন অধিৱেশন সম্পন্ন হোৱাৰ পিছতেই আগন্তুক ২০২৬ৰ নিৰ্বাচনক লৈ বিৰোধী শিবিৰত দেখা দিছে গভীৰ শংকা। শাসক দল বিজেপিৰ বাঢ়ি অহা প্ৰভাব, শঙ্কাদায়ক ভোট সমীকৰণ আৰু সদ্য ঘোষণা কৰা বিভিন্ন হিতাধিকাৰী-বান্ধৱী সিদ্ধান্তৰ প্ৰেক্ষাপটত কংগ্ৰেছ এতিয়া নতুন ৰণকৌশল খুজিবলৈ তৎপর।
এই পৰিপ্ৰেক্ষিততেই আজি দিল্লীত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আৰু অসমৰ কংগ্ৰেছ নেতাসকলৰ সৈতে বিশেষ বৈঠক। আবেলি ৪ বজাৰ পৰা কংগ্ৰেছ সভাপতি মালিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত হ’ব এই গুৰুত্বপূর্ণ বৈঠক।
দিল্লীত আজিৰ উচ্চস্তৰীয় বৈঠকত উপস্থিত থাকিব কাকাক?
জানিব পৰা মতে, বৈঠকত উপস্থিত থাকিবঃ
- সাংসদ গৌৰৱ গগৈ
- ৩ কার্যকৰী সভাপতি জাকিৰ হুচেইন ছিকদাৰ, ৰজলীনা তিৰ্কী আৰু প্ৰদীপ সৰকাৰ
- সাংসদ ৰকিবুল হুচেইন
- প্ৰদ্যুত বৰদলৈ
- ৰিপুন বৰা
- ভূপেন বৰা
- লগতে অংশ ল’ব ৰাহুল গান্ধী, সাংগঠনিক সম্পাদক কেচি বেনুগোপাল, তত্বাৱধায়ক জীতেন্দ্ৰ সিং আদিসহ উচ্চপদস্থ নেতৃত্ব।
বৈঠকৰ মূল বিষয়বস্তু—নির্বাচন কৌশলেই কেন্দ্ৰবিন্দু?
যদিও কংগ্ৰেছে এতিয়ালৈকে বৈঠকৰ বিষয়ে মন্তব্য প্ৰকাশ কৰা নাই, তথাপিও দলীয় সূত্ৰৰ মতে, মূল আলোচনাৰ বিষয় হ’ব—
- ২০২৬ ৰ নিৰ্বাচনী কৌশল
- বিৰোধী ঐক্য গঠন
- আসন ভাগ-বতৰা
- অসমৰ অঞ্চলভিত্তিক ভোট সমীকৰণ
- বিজেপিৰ হিতাধিকাৰী পৰিকল্পনাৰ প্ৰতি কংগ্ৰেছৰ প্ৰত্যুত্তৰ
বিৰোধীৰ শংকা কেনেকে বৃদ্ধি পাইছে?
অসম বিধানসভাৰ শীতকালীন অধিৱেশনত বিজেপি-নেতৃত্বাধীন চৰকাৰে—
- চাহ জনগোষ্ঠীক মাটিৰ পট্টা প্ৰদান
- জনজাতিকৰণ সম্পৰ্কীয় বিশেষ পদক্ষেপ
- উন্নয়নমূলক বিভিন্ন ঘোষণা
ইত্যাদি সিদ্ধান্ত গ্ৰহণ কৰাত বিৰোধীয়ে জনমত বিজেপিৰ ফালে ঢলি পৰাৰ আশঙ্কা প্ৰকাশ কৰিছে।
বিহাৰত হিতাধিকাৰী-মুখী নীতিৰ মাধ্যমে বিজেপিয়ে বৃহৎ জয়লাভ কৰাৰ উদাহৰণই কংগ্ৰেছক অধিক চিন্তিত কৰিছে।
বিৰোধী ঐক্য কি স্থায়ী হ’ব?
অসমত কংগ্ৰেছেএখন বৃহত্তর বিৰোধী মঞ্চ গঠনৰ চেষ্টা কৰিছে। যদিও—
- লুৰিণজ্যোতি গগৈ
- অখিল গগৈ
এতিয়ালৈকে স্পষ্ট আপত্তি দৰ্শোৱা নাই, তথাপিও অখিল গগৈ Seat Sharing বিষয়ত ইতিমধ্যে সম্পূৰ্ণ স্পষ্টতা দাবী কৰিছে। বিৰোধী শিবিৰত বহু সময়তেই অখিল গগৈৰ বক্তব্য লৈ মতানৈক্য দেখা যায়, সেয়ে বৈঠকৰ পৰা কি সিদ্ধান্ত ওলাব সেইয়া মনোযোগৰ কেন্দ্ৰ।
দিল্লীৰ বৈঠক কংগ্ৰেছৰ ২০২৬ৰ যুদ্ধনীতিৰ দিশ নিৰ্ধাৰণত গুৰুত্বপূর্ণ ভূমিকা লব বোলেই ধাৰণা কৰা হৈছে। কিন্তু বৈঠকৰ অন্তৰ্ভুক্ত আলোচনা আৰু সম্ভাৱ্য সিদ্ধান্তসমূহ পৰৱৰ্তী সময়তেই স্পষ্ট হ’ব।
অসমীয়াৰ ৰাজনৈতিক পৰিৱেশত আগন্তুক দিনবোৰ এতিয়া অধিক চঞ্চল আৰু উত্তপ্ত হোৱাৰ সম্ভাৱনাই প্ৰবল।

