সম-জিলা আয়ুক্ত কাৰ্যালয় স্থাপনৰ দাবীত চিচিবৰগাঁৱত শতাধিক মহিলা প্ৰতিবাদী কাৰ্যসূচীঃ প্ৰতিবাদস্থলীত দিহা নাম পৰিৱেশন কৰি জনপ্ৰতিনিধি, জিলা আয়ুক্তৰ সুমতিৰ বাবে প্ৰাৰ্থনা

চিচিবৰগাঁও সম-জিলা আয়ুক্ত কাৰ্যালয় চিচিবৰগাঁৱত স্থাপনৰ দাবীত আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিনটোতও শতাধিক মহিলাৰ প্ৰতিবাদীৰ ধ্বনিৰে উত্তাল কৰি ৰাখে চিচিবৰগাঁৱৰ আকাশ-বতাহে। চিচিবৰগাঁও সমষ্টিৰ বিভিন্ন স্থানৰ শতাধিক মহিলা আহি চিচিবৰগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ নাগাৰা বজাই দিহানাম পৰিৱেশন কৰি গীত-মাত-বাদ্যৰে এক অভিনৱ প্ৰতিবাদী কাৰ্য্যসূচী ৰাূপায়িত কৰে। চিচিবৰগাঁও সম-জিলাৰ আয়ুক্ত কাৰ্যালয়টো চিচিবৰগাঁৱত স্থাপনৰ দাবীত চিচিবৰগাঁও সম-জিলা কাৰ্যালয় দাবী সমিতিৰ আহ্বান মৰ্মে যোৱা ২৮ ছেপ্টেম্বৰত আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে আজি দিনৰ ১১ বজাৰ পৰা ১ বজালৈ হোৱা এই প্রতিবাদী কাৰ্যসূচীত অঞ্চলটোৰ বয়োজেষ্ঠ মহিলাৰ পৰা জীয়াৰী-বোৱাৰী সকলেও অংশ গ্ৰহন কৰে। কালি অঞ্চলটোৰ কেইবাখনো গাঁৱৰ গায়ন-বায়নৰ দলে খোল-তাল বজাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পাচত আজি অঞ্চলটোৰ মহিলাসকলে নাগাৰা আৰু অনান্য বাদ্যযন্ত্ৰ বজাই দিহানাম পৰিৱেশন কৰি গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী মন কৰিব লগীয়া। আজি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা চিচি চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী পুণ্যেশ্বৰী শইকীয়াই প্ৰতিবাদ স্থলীতে হোৱা প্ৰতিবাদী সভাত কয় যে অঞ্চলটোৰ ৰাইজে বিগত প্ৰায় তিনি বছৰ ধৰি চিচিবৰগাঁও বিধান সভা কেন্দ্ৰ চিচিবৰগাঁৱত আয়ুক্তৰ মুখ্য কাৰ্যালয়ৰ লগতে অনান্য কাৰ্যালয় স্থাপনৰ দাবী জনাই আহিছে। আনকি দুবছৰৰ পূৰ্বে চিচিবৰগাঁৱতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাইও ৰাইজে বিচৰামতেই চিচিবৰগাঁৱতে মুখ্য কাৰ্যালয় স্থাপন কৰা হ’ব বুলি কথা দিছিল।

কিন্তু এতিয়া সকলোৱে ঐতিহ্যপূৰ্ণ চিচিবৰগাঁওবাসীৰ দীৰ্ঘদিনীয়া ন্যাৰ্য দাবীক নস্যাৎ কৰি চৰম প্ৰৱঞ্চনাৰে চিচিবৰগাঁও সম জিলাৰ আয়ুক্ত কায্যালয় চিচিবৰগাঁৱত স্থাপন নকৰি অইন স্থানত স্থাপন কৰিবলৈ চক্ৰান্ত কৰিছে বুলি মন্ত্বব্য কৰে। আজিও বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰতিবাদী ৰাইজে অঞ্চলটোৰ আই-মাতৃসকলৰ সৈতে দিহানামত অংশগ্ৰহণ কৰি প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা লগতে চিচিবৰগাঁও বিধান সভা সমষ্টিৰ কেন্দ্ৰস্থল চিচিবৰগাঁৱতে সম-জিলা আয়ুক্তৰ কাৰ্যালয় স্থাপন কৰিলেহে সমগ্ৰ চিচিবৰগাঁও সমষ্টিৰ ৰাইজৰ সুবিধা হ’ব বুলি মন্তব্য কৰে।চৰকাৰ-প্ৰশাসন আৰু জনপ্ৰতিনিধিয়ে ৰাইজৰ দাবীক কৰ্ণপাত নকৰে তেন্তে ৰাইজেও হাত সাৱতি বহি নাথাকে বুলি মন্তব্য কৰে। যিকোনো বিনিময়ত চিচিবৰগাঁৱতে সম জিলা আয়ুক্তৰ কাৰ্যালয় হ’বই লাগিব বুলি দাবী কৰে। প্ৰতিবাদস্থলীত চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা চিচিবৰগাঁৱৰ বিশিষ্ট সাহিত্যিক পূৰ্ণচন্দ্ৰ চুতীয়া, চিচিবৰগাঁও সম-জিলা কাৰ্যালয় দাবী সমিতিৰ সভাপতি প্ৰমোদ ভূঞা, সম্পাদক পুলেন চুতীয়া, প্ৰচাৰ সম্পাদক তথা জাতীয়তাবাদী যুৱ পৰিষদৰ কৃষ্ণ ভূঞা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তপন শইকীয়া, ৰাইজৰ দলৰ ৰূদ্ৰ ভূঞা, চিচিবৰগাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি গিৰীণ চুতীয়া, প্ৰাক্তন আঞ্চলিক সদস্যা ৰাণীমা গগৈ, জাতীয়তাবাদী মহিলা পৰিষদৰ নেত্ৰী ৰেণু ভূঞা আদিয়ে প্ৰতিবাদী সভাত বক্তব্য ৰাখে। পূৰ্ণ চন্দ্ৰ চুতীয়াই কয় যে বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ ৰাইজৰ লগতে ধেমাজি জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবীত অনুসৰি ভাৰত চৰকাৰে ‘চিচিবৰগাঁও’ অঞ্চলক কেন্দ্ৰ কৰি ধেমাজি জিলাত নতুনকৈ ৭৯ নং চিচিবৰগাঁও অসংৰক্ষিত বিধানসভা সমষ্টি বুলি এটা সংৰক্ষণমুক্ত বিধানসভা সমষ্টি গঠন কৰা হৈছিল।

বৃহত্তৰ চিচিবৰগাঁও অঞ্চলক সামৰি এটা মহকুমা গঠনৰ বাবে দীর্ঘদিন ধৰি চিচিবৰগাঁৱৰ ৰাইজে যি দাবী কৰি আহিছিল, সম-জিলা গঠনত কাৰ্যতঃ সেই দাবী পূৰণ হৈছে। এই পদক্ষেপে জিলাখনৰ ঐতিহ্যপূর্ণ চিচিবৰগাঁও অঞ্চলটোৰ উন্নয়ন সাধিব। ধেমাজি জিলাৰ ভিতৰত অন্যতম পুৰণি অঞ্চল চিচিবৰগাঁৱক বৃটিছ শাসনৰ সময়তে বহুকেইখন শিক্ষানুষ্ঠান, চৰকাৰী অনুষ্ঠান, কাৰ্যালয় আছিল। চিচিবৰগাঁৱক কেন্দ্ৰ কৰি বৃটিছৰ সময়তে বৃহৎ মৌজা হিচাপে গঠিত হৈছিল। স্বাধীনতাৰ পাচত ধেমাজি জিলাৰ ভিতৰত দ্বিতীয়টো আৰক্ষী প্রতিষ্ঠান- চিচিবৰগাঁও আৰক্ষী চকী স্থাপন কৰা হৈছিল, আঞ্চলিক পঞ্চায়ত, এটা ৰাজহ চক্ৰ আৰু এটা উন্নয়নখণ্ড, খণ্ড প্ৰথমিক চিকিৎসালয় আদি অনেক গুৰত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় স্থাপন হৈছে। সেয়েহে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে অঞ্চলটোৰ কেন্দ্ৰস্থল স্বৰূপ চিচিবৰগাঁৱতে কেন্দ্ৰ কৰিয়েইে নবগঠিত চিচিবৰগাঁও সম-জিলাৰ মুখ্যকার্যালয়টো প্ৰতিষ্ঠা হব লাগে। এয়া অঞ্চলটোৰ ৰাইজৰ ন্যাৰ্যদাবী বুলি মন্তব্য কৰে।

Related Articles