সাংবাদিক কৃষ্ণকান্ত মেদকৰ নৱতম গ্ৰন্থ “জীৱনৰ ৰং বিচাৰি “শীৰ্ষক গ্ৰন্থ উন্মোচন

বৃহত্তৰ গোগামুখ প্ৰেছ ক্লাবৰ উদ্যোগত ধেমাজি জিলাৰ গোগামুখস্থিত আগম মিগাং নাহেন্দ্ৰ পাদুন পুথিভঁৰাল প্ৰেক্ষাগৃহত সাংবাদিক-লেখক, বৃহত্তৰ গোগামুখ প্ৰেছ ক্লাবৰ পত্ৰিকা সম্পাদক কৃষ্ণকান্ত মেদকৰ নৱতম গ্ৰন্থ “জীৱনৰ ৰং বিচাৰি” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ তথা মিচিং আগম কৗবাঙৰ প্ৰাক্তন সচিব কালিনাথ পাংগিঙে উন্মোচন কৰে। বৃহত্তৰ গোগামুখ প্ৰেছ ক্লাবৰ সদস্য তথা সাংবাদিক জিন্টু বৰাই আতঁধৰা অনুষ্ঠানত বিশিষ্ট লেখক -সমালোচক ইউনাইটেড বেংক অব ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত শাখা প্ৰৱন্ধক জাতিৰাম কামানে সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাত কালিনাথ পাংগিঙে জীৱনৰ ৰং বিচাৰি গ্ৰন্থখন উন্মোচন কৰি কয় যে বৰ্তমানৰ আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগত ডিজিটেলেও কিতাপ পঢ়াৰ মাদকতা ম্লান কৰিব নোৱাৰে।

যিহেতু কিতাপ পঢ়াৰ মাদকতা সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে। উদীয়মান যুৱ লেখক কৃষ্ণকান্ত মেদকৰ নৱতম গ্ৰন্থ জীৱনৰ ৰং বিচাৰি গ্ৰন্থখনত সন্নিৱিষ্ট কৰা প্ৰতিটো বিষয় সমাজ সংস্কৃতিক প্ৰতিনিধিত্ব কৰিছে বুলি কয়। ইয়াৰ পিছত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট লেখক টুনিৰাম মেদকে জীৱনৰ ৰং বিচাৰি গ্ৰন্থখনৰ স্ৰষ্টা কৃষ্ণকান্ত মেদকৰ জীৱন বৃত্তান্তৰ ওপৰত আলোকপাত কৰি উদীয়মান যুৱ লেখক গৰাকীলৈ প্ৰেৰণা মূলক বক্তব্যৰে বক্তব্য সামৰে। ইয়াৰ পিছত মিচিং জনগোষ্ঠীৰ প্ৰথম গ্ৰামাফোন ৰেকৰ্ডত গীত গোৱা দগনৗ নি:তম ৰীতা দেৱী মেদক জীৱনৰ ৰং বিচাৰি গ্ৰন্থখনত সন্নিৱিষ্ট কৰা মিচিং গাঁৱত ব’হাগ বিহুৰ পৰম্পৰাগ শীৰ্ষক লেখাৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰি কয় যে লেখকে উপস্থাপন কৰা প্ৰতিটো বিষয় চহা জীৱনৰ পৰম্পৰাগত ৰীতি-নীতি সুন্দৰকৈ প্ৰকাশ পাইছে।

বিশিষ্ট লেখক কৃতি শিক্ষক, মিচিং আগম কৗবাঙৰ প্ৰাক্তন কোষাধ্যক্ষ ভৱ দলে, যুৱ লেখক, সোৱণশিৰি মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক দুষ্যন্ত নৰহে গ্ৰন্থ প্ৰকাশক, পঢ়ুৱৈ সমাজৰ মধুৰ সম্পৰ্কৰ বিষয়ে কয় আৰু উদীয়মান যুৱ লেখক কৃষ্ণকান্ত মেদকে জীৱনৰ ৰং বিচাৰি গ্ৰন্থখনত অতি সহজ সৰল ভাষাত পঢ়ুৱৈ সমাজে বুজি পোৱাকৈ নিখুঁতভাবে প্ৰতিটো বিষয় বৰ্ণনা কৰি গৈছে বুলি কয়। জীৱনৰ ৰং বিচাৰি গ্ৰন্থখন পঢ়ুৱৈ সমাজে সাদৰি ল’ব বুলি আশা প্ৰকাশ কৰে লেখক কৃষ্ণকান্ত মেদকে। গ্ৰন্থ উন্মোচনী সভাৰ সভাপতি জাতি ৰাম কামানে কয় যে জীৱনৰ ৰং বিচাৰি গ্ৰন্থখনত সঁচাকৈ জীৱনৰ ৰং বিচাৰি পাব বুলি কয় বক্তব্য সামৰে।

সভাত উপস্থিত থাকে বিশিষ্ট কবি মুহিৰাম পেগু, লেখক ৰামেশ্বৰ মেদক,সদৌ অসম ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উপ সভাপতি ঋতুপৰ্ণ কোচ, গোগামুখৰ যুৱ সমাজ সেৱক দীপক বৰগোহাঁই, অৱনৰি বাংকে আগম কৗবাঙৰ সম্পাদক ৰাজকুমাৰ চিন্তে, বিল্লাম অৱনৰি বাংকে আগম কৗবাঙৰ সভাপতি ৰাহুল নৰহ ,লখিমপুৰ জিলা সমিতিৰ টি এম পি কে সদস্য ইন্দ্ৰেশ্বৰ কামান, অসম চৰকাৰৰ যুৱ লেখক সন্মান প্ৰাপক কল্পজিৎ সোণোৱাল, অসম চৰকাৰৰ যুৱ লেখক সন্মান প্ৰাপক পৱিত্ৰ পাংগিং, যুৱ কবি হিতেশ্বৰ কুলি, দকচিৰি ই-মেগাজিনৰ সম্পাদক তথা অসম চৰকাৰৰ যুৱ লেখক সন্মান প্ৰাপক তপনলাল, অসম চৰকাৰৰ যুৱ লেখক সন্মান প্ৰাপক অনুভৱপ্ৰিয়ম মিৰি, চন্দ্ৰজ্যোতি দলে, বিশ্বজিৎ গগৈ, অনাতাঁৰ শিল্পী বনমালি পাঞাং, কুঞ্জলতা মেদক,জুনুকুমাৰী মেদক,জ্যোতিকা মেদক, আপ্পুন মেদক দৈমাৰী,কৰমী পাঞাং মেদক,কনেং মেদক, আদিৰ লগতে বৃহত্তৰ গোগামুখ প্ৰেছ ক্লাবৰ সম্পাদক জিতু কুমাৰ ৰাজকোঁৱৰ, জ্যেষ্ঠ সাংবাদিক ভৱেন কোঁৱৰ, প্ৰথম খবৰৰ সাংবাদিক প্ৰবীণ মেদক,DA News Plus সাংবাদিক প্ৰমোদ টাইদ,Nktvৰ সাংবাদিক লোচন দাস আদিৰ লগতে বিশিষ্ট ব্যক্তি।

Related Articles