সাপকাটাত মডেল অংগনবাড়ী গৃহৰ শুভ উদ্বোধন বিধায়ক জিৰন বসমুতাৰীৰ

অঞ্চলটোৰ শিশু আৰু মাতৃসকলৰ পুষ্টি-স্বাস্থ্য সেৱা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আদৰ্শ প্ৰাথামিক বিদ্যালয় সাপকাটাত এখন নতুন মডেল অংগনবাড়ী কেন্দ্ৰীয় গৃহৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক জিৰন বসমুতাৰীয়ে।


উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিধায়কগৰাকীয়ে কয় যে অংগনবাড়ী কেন্দ্ৰসমূহ হৈছে গ্ৰামাঞ্চলৰ শিশু বিকাশ, পুষ্টি আৰু প্ৰাক-বিদ্যালয় শিক্ষাৰ মূল ভিত্তি। আজি নতুনকৈ তিনিখন মডেল গৃহ ক্ৰমে-১নং সাপকাটা, ১ নং গোলাডাঙি আৰু ২ নং জাৰাগুৰীত স্থাপন হোৱাত অঞ্চলটোৰ গৰ্ভৱতী মহিলা, দুগ্ধমাতা আৰু শিশুসমূহে উন্নত পৰিৱেশত সেৱা লাভ কৰিব পাৰিব।


তেওঁ লগতে কয় যে চৰকাৰৰ লক্ষ্য হৈছে প্ৰতি গাঁৱত মানসম্পন্ন অংগনবাড়ী সুবিধা প্ৰদান কৰা, যাতে শিশুৰ শাৰীৰিক-মানসিক বিকাশৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা একে ঠাইতেই উপলব্ধ হয়। অনুষ্ঠানত বিভাগীয় বিষয়া,স্থানীয় অংগনবাড়ী কৰ্মী-সহায়কী আৰু বহু সংখ্যক ৰাইজ উপস্থিত থাকে।

Related Articles