সাময়িক চিন্তা’ধৰ্ম’ আৰু ‘জাতি’ সাঙুৰি অসমীয়া জাতিসত্তা ধ্বংস নকৰিব ।

ধৰ্মীয় উন্মাদনাই এতিয়া অসমৰ আকাশ-বতাহ বৰ বেয়া ধৰণে ছানি ধৰিছে। দেশত যেতিয়া ধৰ্মীয় উন্মাদনাই মানূহৰ মন-মগজু গ্ৰাস কৰিবলৈ ধৰে তেতিয়াই এখন দেশ বা এটা জাতি পতনৰ দিশে গতি কৰিবলৈ ধৰে। এয়াই সত্য। অসমত এতিয়া সেই পৰিস্থিতিয়েই দেখা গৈছে। আজি কিছু দিনৰ পৰা অসমত চৰকাৰী ভূমিত বসবাস কৰি থকা বাংলাদেশী মুছলমানক চৰকাৰৰ নিৰ্দেশত উচ্ছেদ কৰাৰ বাবে কেউফালে এক হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হৈছে। সঁচাকৈয়ে অসমৰ বহু চৰকাৰী ভূমি এনে বেদখলকাৰীৰে ভৰি আছে। আনকি অসমৰ বিভিন্ন ঠাইত থকা সত্ৰসমূহৰো যথেষ্টসংখ্যক ভূমি বেদখল কৰি আছে এইসকল অবৈধ দখলদাৰীয়ে। এইসকল লোক যে বংগমূলীয় হয় ইয়াত কাৰো দ্বিমত নাই। সঁচা অৰ্থত এইসকল বেদখলকাৰীক উচ্ছেদ কৰাত কাৰো আপত্তি নাই অথবা আপত্তি থাকিব নোৱাৰে।

এয়া ৰাজ্যখনৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰু অসমীয়া জাতিটোৰ ভৱিষ্যৎ সুৰক্ষাৰ ক্ষেত্ৰত অতিকে প্ৰয়োজনীয়। বেদখলকাৰীক চিনাক্ত কৰি তেওঁলোকক উচ্ছেদ কৰাৰ অধিকাৰ সম্পূৰ্ণ আছে। কিন্তু এই বে-আইনীভাৱে মাটি দখলীকৃত লোকসকলক উচ্ছেদ কৰিবলৈ যাওঁতে যাতে কোনো ভাৰতীয় লোক উচ্ছেদিত হ’ব লগা নহয় বা হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয় সেই কথাতো চৰকাৰ-প্ৰশাসনে কিন্তু সঠিকভাৱে বিবেচনা কৰিব লাগিব। আনহাতে, হকে-বিহকে বাংলাদেশী সজাই যদি তেওঁলোকক উচ্ছেদ কৰা হয় তেনেহ’লে সেই মানুহখিনি ক’লৈ যাব। এতিয়ালৈতো এজনো বিদেশী বিতাড়িত কৰা হোৱা নাই। আনহাতে, এতিয়া খেতিৰ বতৰ। এইসকল লোকেই বৰ কষ্ট কৰি খেতি কৰে। সেয়াও এতিয়া ধ্বংস হ’ল। তেওঁলোকৰ ল’ৰা-ছোৱালী হঠাতে স্কুল-কলেজলৈ শিক্ষা গ্ৰহণৰ কৰিবলৈ যোৱাটো বন্ধ হৈ পৰিল। আটোমটোকাৰিকৈ বন্ধা ঘৰটো ভাঙি দিয়াৰ পিছত তেওঁলোকৰ মানসিক সন্তুলন নিশিয় আয়ত্তৰ বাহিৰলৈ যাব, ইত্যাদি কথাৰ বাবে ক্ষোভত সেই অবৈধ বাংলাদেশী লোকসকলৰ মানসিক অৱস্থা বেয়া হোৱাটোৱেই স্বাভাৱিক। এয়াও নিশ্চয় ভাবিবলগীয়া কথা। কাৰণ আমাৰ অসমখনৰ মানুহ যিহেতু অতিথিপৰায়ণ জাতি সেয়ে সঠিকভাৱে আৰু আনৰ দৃষ্টিত হেয় নোহোৱাকৈ অবৈধ বিদেশী লোকসকলক বহিষ্কাৰ কৰাৰ ব্যৱস্থা হয়তো নিশ্চয়কৈ কৰিব পাৰিলেহেঁতেন। ৭ দিন কিয়, তেওঁলোকক অবৈধভাৱে দখল কৰি থকা চৰকাৰী ভূমি দখলমুক্ত কৰি আন ঠাইলৈ যাবলৈ অন্ততঃ ছমাহ সময় দিয়া হ’লে কিনো মহাভাৰতখন অশুদ্ধ হ’লহেঁতেন। কাৰণ ইমান দিনে দেখোন চৰকাৰ-প্ৰশাসনৰ চকুৰ সন্মুখতেই তেওঁলোকে অবৈধভাৱে সেই অঞ্চলবোৰত বসবাস কৰি আহিছেই। গতিকে আৰু ছমাহ অন্ততঃ তেওঁলোকক সময় দিলে একো ক্ষতি নহ’লহেঁতেন। হয়তো তেতিয়া এই লোকসকল নিৰাপদে আন ঠাইলৈ আঁতৰি যাব পাৰিলেহেঁতেন। আকৌ যিসকল বাংলাদেশী লোক সেইসকলক এই ছমাহৰ ভিতৰত সঠিকভাৱে চিনাক্ত কৰি বাংলাদেশক গতাই দিয়াৰ ব্যৱস্থা চৰকাৰ-প্ৰশাসনে নিশ্চয় কৰিব পাৰিলেহেঁতেন। এনে ব্যৱস্থা কৰিলে অসমত আজি যি ধৰণৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতি কেতিয়াও সংঘটিত হ’বলৈ নাপালেহেঁতেন। এতিয়া অসমত বাংলাদেশী উচ্ছেদৰ নামত বিভিন্ন সংগঠনে বিভিন্ন ধৰণে অসমত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সুযোগ লৈছে। এনে পৰিস্থিতিও পাইছে গৈ যে ঘৰে ঘৰে গৈ আমাৰে একাংশই বাংলাদেশী বিচাৰি ফুৰিছে। বিভিন্ন ধৰণে জোৰ-জুলুম, ডাবি-ধমকিত লিপ্ত হৈছে। এয়া কিমান যুক্তিসংগত। সেইসকল সংগঠনৰ নেতাই যেনেদৰে বাংলাদেশী লোক এজনো অসমত থকাটো নিবিচাৰে, ঠিক তেনেদৰে অসমৰ কেনো এজন লোকেই, তেওঁ লাগিলে হিন্দুৱেই হওক বা মুছলমান, খ্ৰীষ্টান বা আন ধৰ্মৰ লোকেই হওক কোনেও অসমত বাংলাদেশী লোক থকাটো নিবিচাৰে। কিন্তু সেই বুলি কোনোবাই ঘৰে ঘৰে গৈ বাংলাদেশী লোক বিচাৰি মানুহক অশান্তি দিব সেয়া কেতিয়াও মানি ল’ব পৰা বিধৰ কাৰ্য হ’ব নোৱাৰে। এনে হ’বলৈ হ’লে আইন-আদালত বোলা কথাষাৰৰ তাৎপৰ্য থাকিবগৈ নে ? এয়া কিমান যুক্তিসংগত। এয়া অসমখন অস্থিৰ কৰা এক কৌশল। যিয়ে হয়তো নিৰ্বাচনত একাংশক পৰোক্ষভাৱে সহায় কৰিব। যিটো কথা এচাম ক্ষমতা খঁকুৱা নেতাই হয়তো ভাবিছে। ইফালে শান্ত অসম জ্বলি চাৰখাৰ হৈ যাওক তাত কাৰ কি আহে-যায়। এতিয়া এনে এটা পৰ্যায় পাইছে গৈ যে বিষয়টো ‘অবৈধ নাগৰিক’ৰ পৰা বহু দূৰ ফালৰি কাটি গৈ ধৰ্মীয় সংঘাতত পৰিণত হোৱাৰ দিশেহে গৈ আছে। এয়া পিছে শান্তিপূৰ্ণ অসমৰ ভৱিষৎ দিনৰ বাবে শুভ লক্ষণ নহয়। কথাবোৰ সুধী সমাজে ভাবি চাবৰ হ’ল। শুভ লক্ষণ যে ঐতিহাসিক শিৱসাগৰৰ ৰাইজে সেইটো কৰি দেখুৱালে। সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰ আগেয়েই শিৱসাগৰৰ সচেতন ৰাইজে নাগৰিক সভাৰ জৰিয়তে শান্তি-সম্প্ৰীতি, ঐক্য-সম্প্ৰীতিৰ যি নিদৰ্শন দেখুৱালে সেয়া বৰ্তমান সময়ত এক সঠিক সিদ্ধান্ত। কাৰণ আইন কোনেও নিজৰ হাতত তুলি লোৱাৰ অধিকাৰ নাই। কাৰোবাৰ উচটনিত পৰি কোনোবা জাতীয় সংগঠনৰ নেতাই আইন হাতত তুলি লৈ ঘৰে ঘৰে গৈ বাংলাদশী মানুহ বিচাৰি ফুৰি অশান্তিৰ সৃষ্টি কৰিব সেয়া মানি ল’ব পৰা কথা হ’বই নোৱাৰে। জাতীয় সংগঠনে জাতিটোৰ আৰু বহুত কৰিবলগীয়া কাম আজিৰ দিনটোতো আছে। তেওঁলোক সেইবোৰ কামত মনোনিৱেশ কৰক। অসমত থকা বাংলাদেশী অবৈধ লোক, তেওঁলোক হিন্দুৱেই হওক বা মুছলমানেই হওক সেইসকলক চিনাক্ত কৰি বিতাড়ন কৰাৰ দায়িত্ব চৰকাৰৰ। তাৰ বাবে আইন আছে, আদালত আছে। জাতীয় সংগঠনবোৰে অসমৰ পথাৰ, অসমৰ বজাৰ সম্পূৰ্ণ নিজৰ হাতলৈ অনাৰ ব্যৱস্থা কৰক, পথাৰ আমাৰ, বজাৰ আমাৰ বুলি চিঞৰিলেই নহ’ব। পথাৰত কাম কৰক, বজাৰত কাম কৰক, আনৰ মূৰত কঁঠাল ভাঙি খোৱাৰ সুবিধা এৰক, শিক্ষাত গুৰুত্ব দিয়ক, অসমীয়া মাধ্যমৰ বিদ্যালয় যে দিনে দিনে বন্ধ হৈ গৈ আছে সেই কথাবোৰ চিন্তা কৰক, অসমীয়া ছাইন ব’ৰ্ডত ক’লা ৰং সনা বিষয়বোৰত গুৰুত্ব দিয়ক, বানপানীৰ সমস্যা আজিও কিয় অসমত সমাধা হোৱা নাই সেই কথা ভাবক। সমাধান কৰিবলৈ চৰকাৰক কওক, দাবী জনাওক। কোনোবা চেনেলত বহি টক শ্ব’ৰ নামত চিঞৰ-বাখৰ কৰিলেই জাতীয় সংগঠনৰ দায়িত্ব শেষ হৈ নাযায়। বৰ্তমান একাংশই ইটোৱে সিটোক অশ্ৰাব্য গালি-গালাজ কৰি, কাটিম, মাৰিম, চান্দা ল’ম, টেক্স ল’ম বুলি ডাবি-ধমকি দি চিঞৰিলেই অসমৰ সমস্যা সমাধান হৈ নাযায়। ৰাজনীতিকৰ কূটিল জালত ভৰি দি নিজৰ চৰিত্ৰ উদঙাই দি ৰাইজৰ হাঁহিয়াতৰ পাত্ৰ নহ’ব। বাংলাদেশী ঘৰে ঘৰে বিচৰা কাম জাতীয় সংগঠনৰ নহয়, বাংলাদেশী লোক যাতে এজনো অসমত থাকিব নোৱাৰে তাৰ বাবে হেঁচা দিয়ক চৰকাৰক জাতীয় সংগঠনে। চৰকাৰক সময় নিৰ্ধাৰণ কৰি দিয়ক বাংলাদেশী বিতাড়নৰ। অসম চুক্তি আখৰে আখৰে পালন কৰিবলৈ বাধ্য কৰাওক। অসমৰ আৰ্থ-সামাজিক-শৈক্ষিক উন্নতিৰ দিশত চিন্তা কৰক জাতীয় সংগঠনে। নহ’লে ইতিহাসে কাকো ক্ষমা নকৰে। স্বাৰ্থলোভী, পৰৱৰ্তী সময়ত নিজৰ আদৰ্শৰ পৰা বিচ্যুত হৈ আনৰ ওচৰত আঁঠু লোৱা জাতীয় নেতা ইতিমধ্যে বহুত দেখিলো, দেখিলে অসমৰ ৰাইজেও। জাতীয় সংগঠনৰ প্ৰতি থকা শেষ বিশ্বাসকণ হেৰুৱাবলৈ আৰু বাধ্য নকৰিব অসমৰ জনতাক। দেশৰ আন আন বহু জাতি সত্তাৰ দৰে অসমীয়াও এটা ভাষিক জাতি সত্তা। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সংমিশ্ৰণত আমাৰ অসমীয়া জাতিসত্তা নিৰ্মাণ প্ৰক্ৰিয়া অব্যাহত আছে। কিন্তু বৰ্তমান ‘ধৰ্ম’ৰ লগত ‘জাতি’ক সাঙুৰি অসমীয়া জাতিসত্তাক, অসমীয়া জাতীয়তাবাদক একাংশই দুৰ্বল কৰিবলৈ সুযোগ বিচাৰি আছে। তাক আমিয়েই প্ৰতিহত কৰিব লাগিব। অসমৰ ইতিহাস মহান। ইয়াক ধ্বংস হ’বলৈ কেতিয়াও নিদিওঁ।

ভূপেন মহন্ত, ফোনঃ ৭৮৯৬১-৩৭২৬৪


Related Articles