সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পোষ্ট

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পোষ্ট।

জুবিন গাৰ্গ ন্যায়ৰ সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত কয় যে ন্যায়ৰ যুদ্ধখনত সত্যৰে জয় হ’ব ! প্ৰতিজন অসমীয়াৰ প্ৰাৰ্থনা আৰু ভগৱানৰ আশীৰ্বাদ আছে আমাৰ প্ৰাণৰ মানুহজনৰ বাবে !

আমাৰ আস্থা সদায় অক্ষুণ্ণ আছে আমাৰ দক্ষ আৰু সাহসী যুঁজাৰু অধিবক্তাসকল, দেশৰ ন্যায় ব্যৱস্থা, আইনী প্ৰক্ৰিয়াৰ ওপৰত ।

জুবিন গাৰ্গৰ ন্যায় আৰু বিজয় মানে সমগ্ৰ অসমীয়া সত্ত্বাৰ বিজয়।

আজি ৭ অভিযুক্তৰ বিৰুদ্ধে কৰা হয় চাৰ্জফ্ৰেম।

ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেট আদালতে অনুমতি দিয়ে চাৰ্জফ্ৰেমৰ।

জুবিন মৃত্যু গোচৰৰ ধাৰা আৰোপ ফাষ্ট ট্রেক আদালতৰ।

সকলো অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা আৰোপ।

চার্জশীটত দিয়া ধৰণেই হত্যাৰ ধাৰা আৰোপ আদালতৰ।

হত্যাৰ ধাৰাৰ ভিত্তিত চলিব পৰৱৰ্তী গোচৰ প্ৰক্ৰিয়া।

৫ অভিযুক্তৰ ডিছচার্জ আবেদন নাকচ।

৫ অভিযুক্তক ৰেহাই নিদিলে ফাষ্ট ট্রেক আদালতে।

গোচৰৰ পৰা ৰেহাই বিচাৰি ৫ অভিযুক্তই কৰিছিল আবেদন।

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতৰ দিলে ৰায়।

Related Articles