সুন্দৰকৈ সজাই পৰাই তুলিছে এটি ভোটগ্ৰহণ কেন্দ্ৰক।
বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰৰ দৃশ্য ।
প্ৰৱেশদ্বাৰ সজাই-পৰাই তুলিছে কলপুলি ৰুই, ফুলৰ মালা লগাই, ৰঙা দলিচা পাৰি।
বয়োজ্যেষ্ঠ ভোটাৰসকলৰ বাবে জিৰণী কোঠা, দিব্যাঙ্গ লোকৰ বাবে হুইল চেয়াৰৰ লগতে, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা গ্ৰহণ।
নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত এই ভোটগ্ৰহণ কেন্দ্ৰটি।

