সু-অভিনেতা ৰূপম শৰ্মাৰ নশ্বৰদেহ নলবাৰীৰ দিঘেলীস্থিত বাসগৃহলৈ লৈ যোৱা হৈছে

অসমৰ সাংস্কৃতিক জগতৰ বাবে এক দুখবৰ। জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মাৰ শনিবাৰে দেহাৱসান ঘটে। দীৰ্ঘদিনীয়া জটিল ৰোগত আক্ৰান্ত হৈ প্ৰায় দুবছৰ ধৰি চিকিৎসাধীন হৈ থকাৰ অন্তত গুৱাহাটীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

অসমৰ মনোৰঞ্জন আৰু সাংস্কৃতিক জগতৰ এগৰাকী পৰিচিত মুখ ৰূপম শৰ্মাই বিগত প্ৰায় দুবছৰ ধৰি জটিল ৰোগৰ সৈতে যুঁজ দি আছিল। চলিত সপ্তাহৰ আৰম্ভণিতে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক গুৱাহাটীৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। অভিনেতাগৰাকীৰ দীৰ্ঘদিনীয়া চিকিৎসাৰ ফলত পৰিয়ালটোৱে যথেষ্ট আৰ্থিক আৰু মানসিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। স্বামীৰ চিকিৎসাৰ বাবে পত্নী হিমানি শৰ্মাই ৰাজহুৱাভাৱে আৰ্থিক সহায়ৰ লগতে অ’ নিগেটিভ (O-negative) তেজৰ দাতাৰ সন্ধানত আহ্বান জনাইছিল।এনে পৰিস্থিতিত শেহতীয়াকৈ ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই তেওঁৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় আগবঢ়াবলৈ আগবাঢ়ি আহিছিল।

অভিনয় জীৱনত বহুমুখী প্ৰতিভাৰ পৰিচয় দিয়া ৰূপম শৰ্মাই ভ্ৰাম্যমাণ থিয়েটাৰ, আঞ্চলিক মঞ্চনাট, টেলিভিছনৰ ধাৰাবাহিক আৰু অসমীয়া চলচ্চিত্ৰ জগতত নিজৰ অভিনয়েৰে বিশেষ পৰিচিতি লাভ কৰিছিল। ২০১৩ চনত মুক্তি লাভ কৰা ‘তুমি যদি কোৱা’ ছবিখনতো তেওঁ অভিনয় কৰিছিল। অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।সামাজিক মাধ্যমযোগে অনুৰাগী,সতীৰ্থ শিল্পী আৰু গুণমুগ্ধসকলে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

Related Articles