ইতিহাস ৰচনা কৰিলে জাপানে, দেশখনে লাভ কৰিলে প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। জাপানৰ ৰাজনীতিৰ এক উল্লেখযোগ্য মুহূৰ্তত ২১ অক্টোবৰত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ সভানেত্ৰী ছানে টাকাইছিয়ে দেশ খনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।৬৪ বছৰীয়া টাকাইছিয়ে নিম্ন সদনত ২৩৭টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী কনষ্টিটিউচনেল ডেম’ক্ৰেটিক পাৰ্টিৰ নেত্ৰী যোছিহিকো নোডাই ১৪৯টা ভোট লাভ কৰে ।

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো এবেৰ ঘনিষ্ঠ টাকাইছিয়ে প্ৰধানমন্ত্ৰী পদত বিজয়ী হোৱাৰ পিছতে দেশ খনৰ অৰ্থনৈতিক স্থবিৰতা আৰু আভ্যন্তৰীণ ৰাজনৈতিক সংকট দূৰ কৰিব বুলি ঘোষণা কৰে।নিৰ্বাচিত হোৱাৰ পিছতে টাকাইছিয়ে কেবিনেট গঠনৰ প্ৰস্তুতি আৰম্ভ কৰে। টাকাইচিয়ে নিপ্পন ইশ্বিন ন’ কাই নামেৰেও পৰিচিত জাপান ইনোভেচন পাৰ্টিৰ নেতা হিৰোফুমি যোছিমুৰাৰ সৈতে কৌশলগত মিত্ৰতা গঢ়ি তুলিছে। যদিও জেআইপিৰ সাংসদসকলে কেবিনেটৰ পদ গ্ৰহণ কৰিব বুলি আশা কৰা হোৱা নাই, তথাপিও দুয়োটা দলে মূল সংস্কাৰৰ পদক্ষেপ আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে — য’ত সংসদীয় আসন ১০% হ্ৰাস, সামাজিক সুৰক্ষা সম্পৰ্কীয় সংস্কাৰ, আৰু টকিঅ’ৰ সমান্তৰালভাৱে ওছাকাক “গৌণ ৰাজধানী” হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰা হৈছে।
জিআইপিৰ সংসদীয় নেতা ফুমিটাকে ফুজিটাই কয় যে মিত্ৰজোঁটৰ এই পদক্ষেপে দলৰ ভিতৰত সৰ্বসন্মতিক্ৰমে সমৰ্থন লাভ কৰিছে। টাকাইছিয়ে জেআইপিৰ সদস্যসকলক “কেইবাটাও মন্ত্ৰী পদ” প্ৰদান কৰাৰ পিছতো দলটোৱে সদ্যহতে কেবিনেটৰ বাহিৰত থাকিবলৈ সিদ্ধান্ত লৈছে। দেওবাৰৰ আলোচনাৰ সময়ত জেআইপিৰ প্ৰাক্তন মুৰব্বী নোবুয়ুকি বাবাই নিশ্চিত কৰে যে কোনো সদস্যই চৰকাৰত যোগদান কৰাৰ সম্ভাৱনা নাই। টাকাইছি দেশ খনৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাৰ বিষয়টো জাপানত লিংগ প্ৰতিনিধিত্বৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। তেওঁৰ প্ৰধানমন্ত্ৰী পদকলৈ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যায়তে মানুহে তীক্ষ্ণ দৃষ্টি ৰাখিছে।তেওঁ সংস্কাৰ, শাসন আৰু দলীয় সংহতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষমতাই জাপানৰ ৰাজনৈতিক পৰিৱেশৰ পৰৱৰ্তী পৰ্যায়টোক সংজ্ঞায়িত কৰিব বুলি আশা কৰা হৈছে।উল্লেখ্য সোমবাৰে নতুন ৰাজনৈতিক অংশীদাৰ বিচাৰি থকা টাকাইছিয়ে নিপ্পন ইশ্বিন নো কাই নামেৰেও পৰিচিত জে আই পিৰ নেতৃত্ব দিয়া ওছাকাৰ গৱৰ্ণৰ হিৰোফুমি যোছিমুৰাৰ সৈতে আনুষ্ঠানিক চুক্তিত স্বাক্ষৰ কৰে । ইপিনে জাপানৰ প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত হোৱা বাবে ছানে টাকাইছিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায়। মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীমতী ছানে টাকাইছিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এক্সত এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। মোদীয়ে এক্সত এটা পোষ্টত কৈছেঃ
“ছানে টাকাইছি, জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন জনাইছো। মই ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আপোনালোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ইয়াৰ বাহিৰতো শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে আমাৰ গভীৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ।

