সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ যুটীয়া পদক্ষেপ । sarbananda sonowal


৬ জুন, ২০২৫: sarbananda sonowalভাৰতৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি ডেনমাৰ্কৰ উদ্যোগ, ব্যৱসায় আৰু বিত্তীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী মৰ্টেন বডস্কভৰ সৈতে এখন গুৰুত্বপূর্ণ দ্বিপাক্ষিক বৈঠকত অংশ লৈ দুয়ো দেশৰ মাজত সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ ঘোষণা কৰে। এই পদক্ষেপ ২০২৪ চনত স্বাক্ষৰিত সামুদ্ৰিক সহযোগিতা চুক্তিৰ অংশ ৰূপে ‘অমৃত কাল ভিজন ২০৪৭’ৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হ’ব বুলি আশা প্ৰকাশ কৰা হয়।

বৈঠকত দুয়ো গৰাকী মন্ত্ৰীয়ে ভাৰত-ডেনমাৰ্কৰ সেউজ কৌশলগত অংশীদাৰিত্ব পুনৰ নিশ্চিত কৰে। ডেনমাৰ্কৰ মেৰিটাইম মিউজিয়াম আৰু গুজৰাটৰ লোথালত নিৰ্মাণাধীন ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ মাজত স্বাক্ষৰিত লেটাৰ অৱ ইনটেণ্টৰ জৰিয়তে নৌ ঐতিহ্য সংৰক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ নতুন দিশ উন্মোচন হয়।

সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত আজি বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আগবাঢ়িছে। মেৰিটাইম অমৃত কাল ভিজন ২০৪৭ৰ অধীনত আমি বন্দৰ পৰিকাঠামো, সেউজ জাহাজ পৰিবহণ, জাহাজ নিৰ্মাণ আৰু ডিজিটেলাইজেশ্যনৰ বহু ৰূপান্তৰমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। এই ক্ষেত্ৰত ডেনমাৰ্কৰ সৈতে অংশীদাৰিত্ব আৰু বিনিয়োগৰ সুযোগ আমি উভয়ৰ বাবে লাভজনক বুলি বিশ্বাস কৰোঁ।”

এই নতুন কেন্দ্ৰই গ্ৰীণ মেৰিটাইম কৰিড’ৰৰ সম্ভাৱনা অধ্যয়ন, উপযুক্ত জলপথ চিনাক্তকৰণ, সহায়ক নীতি বিকাশ, আৰু সেৱাৰ মানোন্নয়ন আদি ক্ষেত্ৰত কাম কৰিব। ডেনমাৰ্কৰ মাৰ্স্ক মেক-কিনি ম’লাৰ শূন্য-কাৰ্বন জাহাজ পৰিবহণ কেন্দ্ৰে এই ক্ষেত্ৰত পূৰ্ব-সম্ভাৱ্যতা অধ্যয়ন চলাব।

দুয়োপক্ষই সেউজ জাহাজ, ডিকাৰ্বনাইজেচন, সামুদ্ৰিক প্ৰশিক্ষণ আৰু শিক্ষা, সেউজ ইন্ধন, উদ্ভাৱনী প্ৰযুক্তি, আৰু জাহাজ পুনঃব্যৱহাৰৰ ক্ষেত্ৰতো একেলগে কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। ভাৰতীয় বন্দৰ সংস্থাই ডেনমাৰ্কৰ আৰ্হাছ বন্দৰৰ সৈতে সমন্বয় কৰি স্মাৰ্ট বন্দৰ সমাধান বিকাশৰ প্ৰস্তাৱ আগবঢ়ায়।

সোণোৱালে কয়, “ডিজিটেল ৰূপান্তৰ আমাৰ এক সাধাৰণ লক্ষ্য। জাহাজ পঞ্জীয়নৰ ক্ষেত্ৰত ব্লক-চেইন আৰু বন্দৰ পৰিচালনাত অটোমেচনৰ দৰে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আমাৰ মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু অমৃত কাল ভিজন ২০৪৭ৰ সৈতে সংগতি ৰাখে।”

সেউজ জাহাজ পৰিবহণৰ এই যৌথ উদ্যমে বিশ্ব পৰ্য্যায়ত ভাৰত-ডেনমাৰ্ক সহযোগিতাৰ এক নতুন দিশ প্ৰদৰ্শন কৰিছে আৰু পৰিৱেশবান্ধৱ, টেকসই আৰু উদ্ভাৱনী নৌ পৰিবহণ ব্যৱস্থাৰ গঠনলৈ এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হ’ব।

Related Articles