সোণাপুৰত চোৰাং চিকাৰী আটক, বনৰীয়া হাতীক আক্ৰমণ … !

সোণাপুৰ বন বিভাগে আজি পুৱা এক সফল অভিযান চলাই এজন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত ব্যক্তিজনক বনৰীয়া হাতী হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ১২ মে’ত অসম-মেঘালয় সীমান্তৱৰ্তী টোপাটলীৰ দিকচাক পাহাৰত চোৰাং চিকাৰীৰ গুলীত এটা বনৰীয়া হাতীৰ *মৃ*ত্যু হৈছিল। এই ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

ঘটনাৰ পিছতে সোণাপুৰ বন বিভাগে এটা গোচৰ ৰুজু কৰি বিস্তৃত তদন্ত আৰম্ভ কৰিছিল। তদন্তৰ অংশ হিচাপে বিভিন্ন তথ্য-প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে সন্দেহযুক্ত লোকসকলৰ গতিবিধিৰ ওপৰতো নজৰ ৰাখা হৈছিল।

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আজি পুৱা বন বিভাগৰ এটা দলে টোপাটলী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ সমীপত অভিযান চলাই ছেলভেচন নংগ্ৰুম নামৰ এজন সন্দেহযুক্ত চোৰাং চিকাৰীক আটক কৰে। ধৃত ব্যক্তিজনৰ বয়স প্ৰায় ৪৩ বছৰ বুলি জানিব পৰা গৈছে। তেওঁ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰি-ভৈ জিলাৰ উমডেন অঞ্চলৰ উমলাখাৰ গাঁৱৰ বাসিন্দা।

ইফালে, আটকাধীন লোকজনৰ পৰা হস্তনিৰ্মিত বন্দুকত ব্যৱহৃত গুলী আৰু গুলী প্ৰস্তুতকৰণৰ সৈতে জড়িত বিভিন্ন সামগ্ৰী জব্দ কৰা হৈছে বুলি বন বিভাগে জনাইছে।

বনৰীয়া হাতী হত্যাকাণ্ডৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি, সেই সন্দৰ্ভতো বন বিভাগে অধিক তদন্ত অব্যাহত ৰাখিছে।

Related Articles