সোণাপুৰৰ সমাধিস্থলীত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ৰাহুল গান্ধীৰ মন্তব্য: “ছিংগাপুৰত আচলতে কি হৈছিল সেয়া সকলোৱে জানিব লাগিব”

ছিংগাপুৰত আচলতে কি হৈছিল সেয়া সকলোৱে জানিব লাগিব। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰহস্যক লৈ এনেদৰে মন্তব্য কৰিলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। ১৭ অক্টোবৰত গুৱাহাটীলৈ আহি ৰাহুল গান্ধীয়ে জুবিনৰ পৰিয়ালৰ কাষত থিয় দিয়াৰ লগতে সোণাপুৰৰ সমাধিস্থলীলৈ গৈ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায়। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কয়, “মই পৰিয়ালবৰ্গক জনাওঁ যে মই ভাল সময়ত, সুখৰ কালত আহিব পৰা হ’লে ভাল পালোঁহেঁতেন । যেতিয়া মই ১৭ বছৰৰ আছিলোঁ, মই ছিকিমলৈ এবাৰ পৰ্বতাৰোহণৰ পাঠ্যক্ৰমৰ বাবে গৈছিলোঁ আৰু প্ৰতিদিনে আমি প্ৰশিক্ষণৰ বাবে যাওঁতে আমাৰ সন্মুখত কাঞ্চনজংঘা পৰ্বত দেখিছিলোঁ । মই পৰ্বতটোৰ বিষয়ে যিটো ভাল পাইছিলোঁ, সেয়া আছিল ইয়াৰ সততা, স্বচ্ছতা, অটলতা আৰু সৌন্দৰ্য । আজি, যেতিয়া মই আহি আছিলোঁ, গৌৰৱে কৈছিল যে জুবিন ডাঙৰীয়াই কৈছিল যে তেওঁ কাঞ্চনজংঘা ৷ তৎক্ষণাত মোৰ মনত এই কথা সংযোগ হ’ল যে তেওঁ কাঞ্চনজংঘা আছিল । কাৰণ তেওঁৰ মাজত কাঞ্চনজংঘাৰ গুণসমূহ আছিল… ।”জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰি আহি এইদৰে কয় ৰাহুল গান্ধীয়ে— “তেওঁৰ সম্পদ আছিল, সফলতা আছিল ৷ তেওঁৰ মানৱতা আছিল । যিটো লৈ অসমবাসীয়ে গৌৰৱ কৰে । মই জুবিনজীৰ পিতৃক কৈছোঁ, তেওঁৰ জ্ঞান আছিল, তেওঁৰ সহযোগিতাই জুবিনক গঢ় দিলে , এই ধুনীয়া ৰাজ্যখনলৈ এক কণ্ঠ আগবঢ়ালে । সেই কাৰণে তেখেতৰ লগতে গোটেই পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।”’আমি কেৱল এইটোৱেই বিচাৰোঁ যে সত্যটো স্পষ্ট হওক’ বুলি কৈ ৰাহুল গান্ধীয়ে কয়, “এয়া গোটেই ৰাজ্যৰ বাবে এক দুখৰ ঘটনা । মই পৰিয়ালৰ সৈতে কথা পাতিলোঁ, আৰু তেওঁলোকে মাত্ৰ এটা কথাহে ক’লে: আমি আমাৰ জুবিনক হেৰুৱাইছোঁ আৰু আমি কেৱল এইটোৱেই বিচাৰোঁ যে সত্যটো স্পষ্ট হওক… চৰকাৰৰ কৰ্তব্য হ’ল— যিটো ঘটিছে, সেইটো তৎক্ষণাত তদন্ত কৰা, স্বচ্ছভাৱে তদন্ত কৰা আৰু পৰিয়ালক ঠিক কি ঘটিছিল ছিংগাপুৰত সেইটো সদৰী কৰা…।”
শিল্পী জুবিন গাৰ্গৰ বাবে ভাৰতৰত্নৰ দাবী জনাব নেকি সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ অন্যতম মুখ্য ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীয়ে কয়, “মই কথা সলনি কৰিব নিবিচাৰোঁ । মই সমবেদনা জ্ঞাপন, অসমৰ জনতাক আমি জুবিন গাৰ্গক ভালপাওঁ বুলি কোৱাৰ পৰা আঁতৰাই নিব নোখোজো । আমি তেওঁক সন্মান জনাব বিচাৰোঁ । আমি তেওঁক সন্মান কৰিব বিচাৰোঁ । কিন্তু প্ৰথমে, আমি স্বচ্ছতা আৰু ন্যায় বিচাৰোঁ । ছিংগাপুৰত কি ঘটিছিল, অসমৰ সকলোৱে সেইটো জানিব লাগে । আৰু যিমান সোনকালে সম্ভৱ, সিমানেই ভাল ।”

Related Articles