স্পষ্ট কৰি দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেঃ ভাৰতত লকডাউন ঘোষণা কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত দেশত দেখা দিয়া ইন্ধনৰ নাটনিৰ আঁত ধৰিয়েই দেশত বহুতে লকডাউন হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰি আছে৷ বহুতে লকডাউনৰ আশংকা কৰি আনকি ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী অধিক মাত্ৰাত ক্ৰয় কৰি থোৱাৰ ঘটনাও ঘটিছে৷ এনে সময়তে কেন্দ্ৰীয বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ স্পষ্ট কৰি দিছে যে ভাৰতত লকডাউন ঘোষণা কৰাৰ কোনো পৰিকল্পনা নাই৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে শেহতীয়াকৈ কৈছে যে পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত দেশৰ দ্ৰুত পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি কেন্দ্ৰই সক্ৰিয় সঁহাৰি জনাইছে৷ একাংশ ৰাজনৈতিক নেতাক মানুহক আতংকিত কৰা বন্ধ কৰিবলৈ আহ৩ান জনাই তেওঁ কয়, ‘চৰকাৰে লকডাউন ঘোষণা কৰাৰ কোনো পৰিকল্পনা কৰা নাই৷’ সীতাৰমণে কয় যে পাকিস্তান আৰু বাংলাদেশৰ দৰে চুবুৰীয়া দেশসমূহে লকডাউন ঘোষণা কৰিবলৈ ওলাইছে, আমি এই কাম কৰা নাই৷ কিন্তু লকডাউন হ’ব বুলি একাংশ নেতাই বিয়পাই আছে৷ভাৰতত লকডাউনৰ কোনো পৰিকল্পনা নাই৷ এই নেতাসকলে উৰাবাতৰি প্ৰচাৰ কৰাটো বন্ধ কৰিব লাগিব৷

তেওঁলোকে ৰাইজৰ মাজত আতংক সৃষ্টি কৰিবলৈ উৰাবাতৰি প্ৰচাৰত লিপ্ত হৈছে৷ লকডাউন ভাৰতত নহয়৷’ বিৰোধী দলৰ সাংসদসকলে সমগ্ৰ দেশতে ৰন্ধন ইন্ধনৰ নাটনি আৰু পশ্চিম এছিয়াত ভাৰতীয় প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশাৰ বিষয় উত্থাপন কৰাৰ প্ৰসংগত তেওঁ কয়, ‘কোনো কাৰণতে জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ হেঁচা পৰিবলৈ দিয়া নহব৷ জনসাধাৰণৰ প্ৰতি ইতিবাচক বাৰ্তা হ’ল এই পৰিস্থিতিৰ সৈতে ঐক্যবদ্ধভাৱে সন্মুখীন হোৱাটোহে৷ চৰকাৰ সক্ৰিয় আৰু দ্ৰুতগতিত পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাইছে৷’ তেওঁ লগতে কয়, ‘পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে, দক্ষিণ-পূব এছিয়াৰ দেশসমূহত এই বৃদ্ধি ৩০১ পৰা ৫০ক্ম৷’ ‘আমি পৰিস্থিতিটো পৰ্যালোচনা কৰি আছো৷ পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১৩ টকাৰ পৰা ৩টকালৈ কৰ্তন কৰি চৰকাৰে অধিসূচনা জাৰি কৰা বুলিও তেওঁ ঘোষণা কৰে৷ তেওঁ লগতে কয়যে ডিজেলৰ আবকাৰী শুল্ক সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা হৈছে৷

Related Articles