
দক্ষিণ শালমাৰাত (South Salmara) বোৱাৰীৰ আত্মহত্যাৰ (Buwari Suicide Case) কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে
দক্ষিণ শালমাৰাত (South Salmara) বোৱাৰীৰ আত্মহত্যাৰ (Buwari Suicide Case) কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। স্বামীৰ ঘৰতে চীপ লৈ আত্মহত্যা বোৱাৰীগৰাকীৰ। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ লাওখোৱা টুমনীত সংঘটিত হৈছে এই ঘটনা। ঘটনাটোক কেন্দ্ৰকৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
উল্লেখ্য যে দক্ষিণ শালমাৰা সমষ্টিৰ বালাডোবা গাঁৱৰ মোহৰ আলীৰ কন্যা আন্না খাতুন (১৯) প্ৰায় এক বছৰ আগতে একেটা সমষ্টিৰ লাওখোৱা টুমনী গাঁৱৰ আবেদ আলীৰ পুত্ৰ আশ্ৰাফুল (২২) লগত বিয়া হৈছিল। কিন্তু বিয়াৰ কিছুদিনৰ পিছতে দুয়োৰে মাজত প্ৰায়ে কাজিয়াৰ সৃষ্টি হৈছিল। এই অভিযোগ উত্থাপন কৰে মৃত বোৱাৰীগৰাকীৰ আত্মীয়ই।
ইফালে কন্যাৰ আত্মহত্যা (Suicide) কৰা ঘটনাটোক মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে। স্বামীগৃহই পৰিকল্পনা কৰি হত্যা (Murder) কৰা বুলি অভিযোগ উত্থাপন কৰিছে।
ইতিমধ্যে ঘটনাস্থলীত দক্ষিণ শালমাৰা আৰক্ষী (South Salmara Police)উপস্থিত হৈ চীপ লৈ আত্মহত্যা কৰা মহিলাগৰাকীৰ উদ্ধাৰ কৰি ধুবুৰী মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এয়া হত্যা নে আত্মহত্যা সেই কথা আৰক্ষীৰ তদন্তৰ অন্ততহে প্ৰকাশ পাব।