ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি অৰ্থাৎ অহা ১৭ জানুৱাৰীত শিল্পী দিৱস উপলক্ষে সৰুসজাইস্থিত ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত বৃহৎ পৰিসৰত বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। এই ঐতিহাসিক অনুষ্ঠানত ১০ হাজাৰৰো অধিক শিল্পীয়ে একেলগে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই বৃহৎ অনুষ্ঠানৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াক লগত লৈ সৰুসজাই ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কৰে। লগতে তেওঁ বিষয়াসকলৰ সৈতে বৈঠকত অংশ লৈ সকলো ব্যৱস্থা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে বিহু বিনন্দিয়া আৰু ঝুমইৰ বিনন্দিনীৰ দৰে এই অনুষ্ঠানটোও সময়মতে আৰু সাফল্যৰ সৈতে সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

পিছত সংবাদ মাধ্যমৰ আগত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই জনায় যে, বাগৰুম্বা নৃত্যৰ চূড়ান্ত প্ৰদৰ্শনৰ পূৰ্বে অহা ৪, ৫ আৰু ৬ জানুৱাৰীত ওজা-প্ৰশিক্ষকসকলক বিশেষ প্ৰশিক্ষণ দিয়া হ’ব। ইয়াৰ পিছত এই প্ৰশিক্ষকসকলে ভিডিঅ’ ট্ৰেকৰ সহায়ত ৰাজ্যৰ ২৩ খন জিলাত গৈ ৮, ৯ আৰু ১০ জানুৱাৰীত মূল অনুষ্ঠানত অংশ ল’বলগীয়া শিল্পীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব।

প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত ১১ জানুৱাৰীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিল্পীসকলক সৰুসজাইলৈ অনা হ’ব। ১২, ১৩, ১৪ আৰু ১৫ জানুৱাৰীত সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত অনুশীলন অনুষ্ঠিত হ’ব আৰু ১৬ জানুৱাৰীত যিকোনো ত্ৰুটি-বিচ্যুতি সংশোধন কৰা হ’ব।
খাম, চিফুং, চেৰজা আদি পৰম্পৰাগত বাদ্যযন্ত্ৰৰ তালে তালে বড়ো গাভৰুসকলে ১৭ জানুৱাৰীৰ সন্ধিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ঐতিহাসিক সমূহীয়া বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰি এক নতুন অধ্যায় ৰচনা কৰিব।
আজিৰ পৰ্যালোচনা বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° বি. কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা যুটীয়া সচিব ৰাজীৱ থাপা, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসসহ বিভাগীয় বহু সংখ্যক বিষয়া উপস্থিত আছিল।

