“হাতত বিড়ি মুখত পান ভাগৌ মিঞা পাকিস্তান” : খিলঞ্জিয়া ঐক্য মঞ্চ, অসম

“আছে হেংদাং লোৱা নাই, ললে হেংদাং মিঞাৰ ৰক্ষা নাই” : খিলঞ্জিয়া ঐক্য মঞ্চ, অসম

উজনি অসমত তীব্ৰতৰ হৈ উঠিছে মিঞা বিৰোধী অভিযান

হৰ্ডিং লগাই, শ্লোগান দি মিঞাৰ বিৰুদ্ধে সজাগ হোৱাৰ আহ্বান ৰাজ্যবাসীক

উজনি অসমত তীব্ৰতৰ হৈ উঠিছে মিঞা বিৰোধী অভিযান। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মিঞাক আক্ৰমণ কৰি বিভিন্ন শ্লগানেৰে হৰ্ডিং, পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ বিভিন্ন দল-সংগঠনৰ। উজনি অসমৰ লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, দুলীয়াজানকে আদি কৰি বিভিন্ন অঞ্চলত ৰাস্তাৰ কাষত বৃহৎ বৃহৎ হৰ্ডিং লগাই মিঞাৰ বিৰুদ্ধে সাধাৰণ জনতাক সজাগ কৰিবলৈ চেষ্টা কৰিছে বিভিন্ন দল-সংগঠনে। প্ৰায় বহু সংখ্যক দল-সংগঠনে নিজাববীয়াকৈ বেনাৰ পোষ্টাৰ লগাই জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰিছে।

তাকে লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰৰ আমগুৰিত অসমীয়া যুৱ মঞ্চই প্ৰথমে মিঞা বিৰোধী অভিযান আৰম্ভ কৰিছিল। তাৰ পিছতে সজাগ হৈ পৰে বিভিন্ন দল-সংগঠন। খিলঞ্জিয়া ঐক্য মঞ্চ, অসমে ৰাস্তাৰ কাষত “বাংলাদেশী মিঞা খেদক জাতি বচাওক”, “হাতত বিড়ি মুখত পান ভাগৌ মিঞা পাকিস্তান”, “আহ ঐ আহ, ওলাই আহ, খেদ ঐ খেদ মিঞাক খেদ”, “আছে হেংদাং লোৱা নাই, ললে হেংদাং মিঞাৰ ৰক্ষা নাই” আদি বিভিন্ন শ্লগানেৰে হৰ্ডিং লগাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। লগতে, আগন্তুক দিনত মিঞা বিৰোধী অভিযান ইয়াতকৈও ভয়াৱহ হ’ব বুলি সকীয়নি দিয়ে।

Related Articles