হাতীমূৰা মথাউৰি পৰিদৰ্শনত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা – কলং খননৰ কাম অতি শীঘ্ৰেই আৰম্ভ হ’ব । Pijush hazarika

Pijush hazarika । জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই নগাঁও জিলাৰ কলিয়াবৰত অৱস্থিত হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰে। ২০১৭ চনৰ আগষ্ট আৰু ২০২৪ চনৰ জুলাই মাহত হাতীমূৰা মথাউৰি ভাঙি পৰিলক্ষিত হোৱা ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ বানপানীয়ে কলিয়াবৰ অঞ্চলত ব্যাপক ধ্বংসযজ্ঞ চলাইছিল। মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ জলসম্পদ বিভাগে পুনৰ নিৰ্মাণ কৰা মথাউৰি অংশ পৰিদৰ্শন কৰি সম্পৰ্কীয় বিষয়ে অৱগত হয়।

মন্ত্ৰীগৰাকীয়ে জাননী দিয়ে যে কলঙৰ মথাউৰি মেৰামতি আৰু বোৱতী কলং সন্দৰ্ভত চৰকাৰে ইতিমধ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় – “যোৱা বৰ্ষত কলিয়াবৰত বানপানীৰ ভয়াবহ পৰিস্থিতি আমি সকলোৱে চাৰিছো। কলংমুখত নিৰ্মিয়মান শ্লুইছ গে’টৰ কাষৰ মথাউৰি কিছু কাৰিকৰী ত্ৰুটিৰ বাবে ছিগি গৈছিল, যাৰ ফলত অঞ্চলটোৰ ৰাইজ তীব্ৰ সমস্যাৰ সন্মুখীন হৈছিল। সেই সময়ত আমি জলসম্পদ বিভাগৰ সম্পূৰ্ণ সক্ৰিয়তাৰে কফাৰ ডাম মেৰামতি কৰিছিলোঁ, প্ৰায় দেড় মাহ ধৰি অভিযন্তা-কৰ্মচাৰীয়ে বাহৰ পাতি দিন-ৰাতি যুঁজি কাম কৰিছিল। মুখ্য অভিযন্তা নিজে দুবাৰ পৰ্যন্ত স্থান পৰিদৰ্শন কৰিছিল। মই নিজেও উপস্থিত হৈ কামৰ তদাৰক কৰিছিলোঁ।”

তেওঁ আগবঢ়ায়, “এই বেলিত আমি ব্ৰহ্মপুত্ৰৰ এটা সুঁতি বন্ধ কৰিবলৈ সক্ষম হৈছিলোঁ, যি কাম বৰষুণৰ সময়ত বৰেই কঠিন। ৰাইজৰ সহায়, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব আৰু বিভাগীয় কৰ্মচাৰীসকলৰ একত্ৰিত প্ৰচেষ্টাতেই আমি এই কাম সম্পূৰ্ণ কৰিব পাৰিছোঁ। এতিয়া যি অংশটো নতুনকৈ নিৰ্মাণ হৈছে, সেয়া যথেষ্ট দৃঢ় আৰু বিশ্বস্ত। আশা কৰোঁ আগলৈ এই অংশ ছিগিব নালাগে আৰু কলিয়াবৰো বানপানীৰ পৰা সুৰক্ষিত থাকিব।”

বোৱতী কলং সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় – “কলং খনন আমাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰকল্প। কিছুমান কাৰণত খননৰ কাম কিছুদিন বন্ধ হৈ আছিল। অতি শীঘ্ৰেই আমি পুনৰ খননৰ কাম আৰম্ভ কৰিম। কলংখনক সম্পূৰ্ণভাৱে বোৱতী কৰাৰ দায়িত্ব আমি লৈছোঁ, আৰু সেই কাম সফলতাৰে সম্পূৰ্ণ কৰিম।”

ইতিমধ্যে, কলং খননৰ বাবে কলিয়াবৰত অনা যন্ত্ৰপাতি স্থানীয় ৰাইজৰ মাজত আশাবাদ সৃষ্টিকাৰক হৈছে। পৰিদৰ্শনৰ সময়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত।

মন্ত্ৰীগৰাকীয়ে শেষত অকপটভাৱে স্বীকাৰ কৰে – “আমি এবাৰ অকৃতকাৰ্য হৈছিলোঁ, অস্বীকাৰ কৰি লাভ নাই। আগন্তুক সময়ত পুনৰ যেন কৃতকাৰ্য হৈ আগবাঢ়িব পাৰো, তাৰ বাবে সঠিকভাৱে আৰু ধৈৰ্যৰে কাম কৰিম। আপোনালোকক কথা দিছোঁ।”

Related Articles