হালোগাঁৱৰ ধৰ্মপৰায়ণ মহিলা নীহাৰিকা দাসৰ দেহাৱসান

কামৰূপ জিলাৰ অন্তৰ্গত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ হালোগাঁৱৰ ধৰ্মপৰায়ণ মহিলা নীহাৰিকা দাস আৰু ইহ সংসাৰত নাই। শুক্ৰবাৰে দিনৰ ১২.১৫ মিনিটত ইহলীয়া সম্বৰণ কৰে নীহাৰিকা দাসে।

৯৮ বছৰ বয়সত ইহলীয়া সম্বৰণ কৰে নীহাৰিকা দাসে। আনহাতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অসম প্ৰান্তৰ ক্ষেত্ৰীয় বৌদ্ধিক প্ৰমুখ তীৰ্থংকৰ দাস কলিতা (শংকৰ দাস),উত্তৰ কামৰূপ জিলা বিজেপিৰ উপসভাপতি বিপুল দাসৰ পৰম পূজনীয়া মাতৃ নীহাৰিকা দাসৰ মৃত্যুত অঞ্চলজুৰি এক শোকৰ ছাঁ বিৰাজ কৰে।

তেখেতৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Related Articles