Breaking

হাস্পতালৰ পিছত গাজাৰ গীৰ্জাত ক্ষেপণাস্ত্ৰ আক্ৰমণ ! বহুলোকৰ মৃত্যু…

0 45

ইজৰাইলৰ আক্ৰমণত গাজা ষ্ট্ৰিপৰ এটা গীৰ্জা ক্ষতিগ্ৰস্ত হৈছে। এই দাবী পেলেষ্টাইনৰ সশস্ত্ৰ বাহিনী হামাছৰ। ইজৰাইলৰ আক্ৰমণত গীৰ্জাৰ চৌহদত আশ্ৰয় লোৱা কেইবাজনো লোক নিহত আৰু আহত হোৱা বুলিও দাবী কৰে। হামাছৰ নিয়ন্ত্ৰিত স্বৰাজ মন্ত্ৰালয়ে বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত কৰে এই আক্ৰমণ।

অৱশ্যে এই সন্দৰ্ভত ইজৰাইলৰ সেনাই এতিয়াও কোনো মন্তব্য কৰা নাই। অৱশ্যে ইজৰাইলৰ এজন সামৰিক বিষয়াই এ এফ পিক জনোৱা মতে, ইজৰাইলে কোনো আক্ৰমণ সংঘটিত কৰিছে নে নাই সেই বিষয়টোৰ তদন্ত চলি আছে।

উল্লেখ্য যে ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা হামাছ-ইজৰাইলৰ সংঘাত ডাঙৰ হৈ আহিছে। সেই সংঘাতৰ সৈতে সমগ্ৰ বিশ্বই কাৰ্যতঃ দুটা মেৰুত বিভক্ত হৈছে। ইতিমধ্যে ইজৰাইল-হামাছ যুদ্ধত মৃত্যুৰ সংখ্যা ৩৫০০ অতিক্ৰম কৰিছে। আহতসকলৰ সংখ্যা ১২ হাজাৰ অতিক্ৰম কৰিছে। মঙলবাৰে গাজাৰ আল আহলি হাস্পতালত ক্ষেপণাস্ত্ৰই আঘাত কৰে।

সেই ঘটনাত সমগ্ৰ বিশ্বই স্তম্ভিত হৈ পৰিল। গাজাৰ চিকিৎসালয়খনত হোৱা আক্ৰমণক সকলো দেশেই গৰিহণা দিছে। এই আক্ৰমণৰ পিছত হামাছে ‘মিলন’ৰ বাৰ্তা প্ৰদান কৰে। যদি ইজৰাইলে গাজাত সামৰিক আগ্ৰাসন তৎক্ষণাত বন্ধ কৰে তেন্তে সেই দেশৰ বন্দীসকলক মুকলি কৰি দিব। ইজৰাইলে অৱশ্যে চিকিৎসালয়খনত সংঘটিত আক্ৰমণৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিছে। এই ঘটনাৰ বাবে তেওঁলোকে হামাছক দোষাৰোপ কৰে। এই পৰিৱেশতেই গাজাৰ গীৰ্জাঘৰত পুনৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ চলিল।

Leave A Reply