১২বছৰ পূৰ্বে জুবিনে জিৰণি লোৱা শিলচটাৰ আঁৰৰ কাহিনী জানেনে ?

গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ হাতীমূৰা । এই হাতীমূৰাৰ সেউজীয়াৰ মাজতে চিৰদিনৰ বাবে নিৰলে বিশ্ৰাম লৈ আছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ।

তেওঁৰ এই অন্তিম বিশ্ৰামস্থলীৰ কিছু নিলগত এদিন উজনি অসমৰ পৰা গুৱাহাটীলৈ ওভতাৰ পথত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰবৰ বাগান এখনৰ এটা শিলৰ কাষত বহি এখন ফটো উঠিছিল । ১২ বছৰ পূৰ্বে বিখ্যাত ফটোগ্ৰাফাৰ ছামচুল হুদা পাটগিৰিৰ কেমেৰাৰ লেন্সত ধৰা দিয়া সেই ছবিখন সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত হৈছে ।

কিয়নো অতি নিৰলে শান্ত পৰিৱেশত জিৰণি লৈ ফটো উঠা স্থানৰ পৰা কিছু নিলগতে পঞ্চভূতত বিলীন হৈ গৈছে প্ৰাণৰ শিল্পীগৰাকী । এইখিনিতে উল্লেখ কৰিব লাগিব যে আজিৰে পৰা ১২ বছৰ পূৰ্বে যিটো শিলৰ কাষত বহি অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীয়ে এখন ঐতিহাসিক ফটোৰ বাবে প’জ দিছিল, সেই শিলটো আছিল কাৰ্বি জনগোষ্ঠীৰ অত্যন্ত পবিত্ৰ লং-এ । এই লং-এ মানে হ’ল মৃতৰ স্মৃতিত পোতা এটুকুৰা শিল ।

লং-এ‘ মৃতকলৈ শ্রদ্ধা জনাই এটুকুৰা গ্রেনাইটজাতীয় ‘শিল তর্পণ’ । কার্বি ভাষাত ই হৈছে লং-এ । ডিমৰীয়াৰ কাৰ্বিসকলে সৎকাৰৰ পিছত মৃতকলৈ জনোৱা ই এক পৰম্পৰা ।লোকসংস্কৃতিৰে ভৰি থকা এটা অঞ্চল হৈছে ডিমৰীয়া । এই অঞ্চলটোৰ গৰিষ্ঠসংখ্যক লোক কাৰ্বি জনগোষ্ঠীৰ হোৱা হেতুকে তেওঁলোকৰ সংস্কৃতিয়ে অতীজৰে পৰা গুৰুত্ব পাই আহিছে । ডিমৰীয়াৰ কাৰ্বিসকলৰ সাংস্কৃতিক পৰম্পৰা আৰু ঐতিহ্যৰ বাহক হিচাপে স্মৃতিশিলা বা লং-এই উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছে । এই লং-এ বা স্মৃতিশিলা হ’ল অঞ্চলটোৰ কোনো কার্বি লোকৰ মৃত্যু ঘটিলে মৃতকৰ স্মৃতিৰ চিনস্বৰূপে পোতা শিলৰ স্তম্ভ । একেলগে বহুতো মৃত লোকৰ স্মৃতিত লং-এ থকা ঠাইটুকুৰাক লং-এ আৰি বুলি কোৱা হয়।

Related Articles