১২ খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলত এছ আই আৰ: ৯৯ শতাংশ ই এফ বিতৰণ

নিৰ্বাচন আয়োগে দৈনিক বুলেটিনত উল্লেখ কৰিছে যে ২৭ অক্টোবৰলৈকে প্ৰায় ৫০.৯৭ কোটি ভোটাৰৰ ভিতৰত এছ আই আৰ অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৫০.৪৩ কোটি গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে । ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত গোৱা আৰু লক্ষদ্বীপত ১০০ শতাংশ গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে । গোৱাত প্ৰায় ১১.৮৫ কোটি ই এফ বিতৰণ কৰা হৈছে যিয়ে মুঠ ১১,৮৫,০৩৪ গৰাকী ভোটাৰক প্ৰতিনিধিত্ব কৰে ।

লক্ষদ্বীপত ৫৭,৮১৩ খন গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে । ৬১.৩০ শতাংশ ই এফ ডিজিটেলাইজেচনৰ সৈতে লক্ষদ্বীপ আগবাঢ়ি আছে । ইফালে কেৰালাত সৰ্বনিম্ন ই এফ ডিজিটেলাইজেচন হৈছে । ইয়াত ডিজিটেলাইজেচন হৈছে প্ৰায় ৬.১৮ শতাংশ, উত্তৰ প্ৰদেশত ৯.২১ শতাংশ ।

এছ আই আৰ অভিযান চলোৱাৰ বাবে গণনাৰ প্ৰ-পত্ৰ অতি গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ দ্বাৰা যোগ্য ভোটাৰৰ তালিকা প্ৰস্তুত কৰা হয় । নিৰ্বাচন আয়োগৰ চৰকাৰী ৱেবছাইটত গণনাৰ প্ৰ-পত্ৰ উপলব্ধ আৰু ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ দায়িত্ব দিয়া বুথ লেভেল অফিচাৰৰ (বিএলঅ’) জৰিয়তেও ইয়াক লাভ কৰিব পাৰি ।

পশ্চিমবংগত ভোটাৰ তালিকাৰ এছ আই আৰৰ মাজতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰো প্ৰস্তুতি আৰম্ভ হৈছে । ইয়াৰ ভিতৰত আছে ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) পৰীক্ষা কৰা আৰু ভোটদানৰ অনুশীলন আৰম্ভ কৰিছে ।

উপ-নিৰ্বাচন আয়ুক্ত জ্ঞানেশ ভাৰতীয়ে কলকাতাত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ (এফ এল চি) দলৰ কেইবাজনো সদস্যৰ সৈতে এক বৈঠকত মিলিত হৈছে । তেওঁলোকে চলি থকা এছ আই আৰ, ইভিএম আৰু ভিভিপিএটিৰ মজুত নিশ্চিত কৰাৰ প্ৰস্তুতি আৰু অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনা কৰে । নিৰ্বাচন আয়োগৰ বিষয়াসকলৰ মতে ৰাজ্যিক নিৰ্বাচন আয়োগৰ সকলো মেচিন ষ্টকত আছে ।

ইভিএমত উপলব্ধ তথ্যৰ ক্ষেত্ৰতো নিৰ্বাচন আয়োগে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে । তাৰ ভিতৰত আছে প্ৰতিটো সমষ্টিৰ প্ৰতিজন প্ৰাৰ্থীৰ ফটো । এই মেচিনত প্ৰথমবাৰৰ বাবে কোনো প্ৰাৰ্থীৰ ফটো সন্নিবিষ্ট কৰা হ’ব ।

নিৰ্বাচন আয়োগৰ বিষয়াসকলে জনোৱা মতে ইভিএমৰ বুটামৰ কাষত ছবিখন থাকিব আৰু প্ৰশিক্ষণৰ সময়ত ইয়াক দেখুওৱা হ’ব । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত সমগ্ৰ ৰাজ্যতে প্ৰায় ১৫ হাজাৰ ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি কৰা হ’ব ।

২০২১ চনৰ নিৰ্বাচনত ৰাজ্যখনত আছিল ৮০,৬৮১ টা ভোটগ্ৰহণ কেন্দ্ৰ;২০২৬ চনত এই সংখ্যা প্ৰায় ৯৫ হাজাৰলৈ বৃদ্ধি পাব । পশ্চিমবংগ নিৰ্বাচন আয়োগৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে যাতে পৰ্যাপ্ত মেচিন থাকে তাৰ বাবে ৰাজ্যখনৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যালয়ত বৰ্তমান ১.৩০ লাখ ইভিএম (বেলট + কণ্ট্ৰল ইউনিট, ৰিজাৰ্ভকে ধৰি) আৰু ১.৩৫ লাখ ভিভিপিএটি মেচিন মজুত আছে ।

উল্লেখ্য যে ৰাজ্যখনৰ শাসকীয় তৃণমূল কংগ্ৰেছ (টিএমচি) আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী দলসমূহে এছ আই আৰ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে । কোনো যোগ্য ভোটাৰক তালিকাৰ পৰা আঁতৰাই দিলে নাগৰিকৰ ভোটাধিকাৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে বুলিও তেওঁলোকে অভিযোগ কৰিথে । যাৰ বাবে টিএমচিয়ে এছ আই আৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ আহ্বান জনাইছে ।

Related Articles