দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাত বিজয়ৰ ধাৰা অব্যাহত ৰাখিছে অসমৰ খেলুৱৈয়ে । ক্ৰীড়া ক্ষেত্ৰত চমকপদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । ইয়াৰ মাজতে দুভৰিৰ যাদুৰে জগত জিনিবলৈ সাজু হৈছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এজন ছাত্ৰ । নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত টিংখাঙৰ এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ ১৪ বছৰ অনুৰ্ধ্বৰ অসম ফুটবল দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অংগদ গগৈয়ে ।

টিংখাং ৰাজগড়ৰ ৩ নং ন-ভকতীয়া গাঁৱৰ সুনীল গগৈ আৰু জুলি গগৈৰ সন্তান অংগদ গগৈয়ে অহা ১ ডিচেম্বৰৰ পৰা মধ্যপ্ৰদেশত অনুষ্ঠিত হ’বলগীয়া ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়া প্ৰতিযোগিতাত অসম ফুটবল দলক প্ৰতিনিধিত্ব কৰিব । ৰাজগড়ৰ ‘নিউ ষ্টাৰ চিনিয়ৰ চেকেণ্ডেৰী’ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ অংগদৰ এই সাফল্যই সমগ্ৰ টিংখাঙলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
ভাৰতীয় দলত অংশগ্ৰহণৰে বিশ্বজয়ৰ সপোন এজন ফুটবল খেলুৱৈ অংগদ গগৈৰ

উদীয়মান ফুটবলাৰগৰাকীয়ে অসম ফুটবল দলত স্থান লাভ কৰাৰ খবৰে উৎফুল্লিত কৰি তুলিছে অঞ্চলবাসীক । সৰুৰে পৰা ফুটবলৰ প্ৰতি আগ্ৰহ থকা অংগদ গগৈয়ে প্ৰশিক্ষক প্ৰহ্লাদ কোঁৱৰৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি স্থানীয় শলগুৰি-টিপমীয়া ফুটবল ক্লাব হৈ এজন সুদক্ষ ষ্ট্ৰাইকাৰ হিচাপে অসমৰ বিভিন্ন ঠাইত ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰাৰ লগতে দুভৰিৰ যাদুৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

বিশ্ব ফুটবলৰ জীৱন্ত কিম্বদন্তি ক্ৰিষ্টিয়ানো ৰ’নাল্ডোক আদৰ্শ হিচাপে গ্ৰহণ কৰা অংগদে ভৱিষ্যতে ভাৰতীয় জাতীয় ফুটবল দলৰ হৈ খেলাৰ সপোন পুহি ৰাখিছে । ১৪ বছৰ অনুৰ্ধ্ব অসম ফুটবল দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা পাছতে সংবাদ মাধ্যমত অংগদ গগৈয়ে কয়, “১৪ বছৰ অনুৰ্ধ্ব অসম ফুটবল দলত স্থান কৰিবলৈ সক্ষম হৈছোঁ । মধ্যপ্ৰদেশত অনুষ্ঠিত হ’ব ফুটবল প্ৰতিযোগিতাখন । খুবেই ভাল লাগিছে সৰুৰে পৰা চেষ্টা কৰি আহিছিলোঁ । এজন ভাল ফুটবলাৰ হৈ ভাৰতীয় দলত খেলাৰ সপোন লৈ আগবাঢ়িছোঁ ।”

