১৬ মে’ত তালি-টোপোলা নাবান্ধিলে বাংলাদেশীয়ে!এইবাৰ কি হ’ব প্ৰধানমন্ত্ৰী মোদীৰ হট ডায়ল’গ?

১২বছৰ আগৰ কথা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা হট ডায়ল’গ- “১৬ মে’ত বাংলাদেশীয়ে তালি-টোপোলা লৈ উভতিব লাগিব অসমৰ পৰা !”
কিন্তু, চাওঁতে চাওঁতে বহুকেইটা ১৬ মে’ পাৰ হৈ গ’ল । তালি-টোপোলা বান্ধি বাংলাদেশীহে অসমৰ পৰা নগ’ল ।
ইয়াৰ পৰিৱৰ্তে কাৰ জৰিয়তে বিদেশীৰ বোজা অসমক জাপি দিয়াৰহে পথ প্ৰশস্ত কৰিলে চৰকাৰে ।
আজি ১৩ ছেপ্তেম্বৰ ! আকৌ অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰীৰ সভা । কিন্তু, এইবাৰ ভাষণত কি হট ডায়ল’গ দিব, অসমলৈ কি পেকেজ লৈ আহিব প্ৰধানমন্ত্ৰী মোদীয়ে ! বঢ়াব নেকি বাংলাদেশীয়ে তালি-টোপোলা বন্ধাৰ ম্যাদ ! নে ১৬ মে’ৰ দৰেই আকৌ এটা নতুন তাৰিখ ঘোষণাৰে মন ভোলাব জনতাৰ ! তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা ।
সেয়া,যি কি নহওঁক… প্ৰধানমন্ত্ৰী মোদীৰ অসম আগমনে অসমক কি উপহাৰ দিয়ে,সেয়াহে হ’ব লক্ষণীয়।

Related Articles