২০২৭ৰ লোকপিয়লত নাগৰিকে কৰিব পাৰিব স্ব-গণনা

ডিজিটেল ভাৰতৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে এইবাৰ দেশৰ লোকপিয়ল সম্পূৰ্ণ ডিজিটেল পদ্ধতিত অনুষ্ঠিত হ’বলৈ গৈ আছে৷ আগন্তুক ২০২৭ চনৰ লোকপিয়লত দেশৰ নাগৰিকসকলে ঘৰত বহিয়েই নিজৰ তথ্য নিজেই পঞ্জীয়ন কৰিব পাৰিব৷ কেন্দ্ৰীয় চৰকাৰে এই উদ্দেশ্যে এক বিশেষ অনলাইন প’ৰ্টেল মুকলি কৰি আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে এক যুগান্তকাৰী ব্যৱস্থা আৰম্ভ কৰিছে৷ এই নতুন ব্যৱস্থাৰ অধীনত নাগৰিকসকলে নিজৰ স্মাৰ্টফোন বা কম্পিউটাৰৰ জৰিয়তে নিৰ্দিষ্ট ৱেবছাইটত প্ৰৱেশ কৰি প্ৰায় ৩৩টা সহজ প্ৰশ্নৰ উত্তৰ দি ডিজিটেল প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব৷

প’ৰ্টেলত প্ৰৱেশ কৰিবলৈ প্ৰথমে ব্যৱহাৰকাৰীয়ে নিজৰ বৈধ ম’বাইল নম্বৰৰ জৰিয়তে ৰেজিষ্ট্ৰেচন কৰিব লাগিব৷ ইয়াৰ পিছত প্ৰাপ্ত হোৱা অ’টিপিৰ সহায়ত লগইন কৰি সম্পূৰ্ণ প্ৰক্ৰিয়াটো সহজে সম্পন্ন কৰিব পাৰিব৷ যিসকল নাগৰিকে এই স্ব-গণনা পদ্ধতি ব্যৱহাৰ কৰিব নোৱাৰে বা অংশগ্ৰহণ কৰিব নিবিচাৰে, তেওঁলোকৰ বাবে বিকল্প ব্যৱস্থা ৰখা হৈছে৷ চৰকাৰী কৰ্মীয়ে তেনে ঘৰসমূহ চিনাক্ত কৰি এক বিশেষ ম’বাইল এপৰ জৰিয়তে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব৷ এইদৰে সকলো নাগৰিকক লোকপিয়লৰ আউটিলৈ আনিবলৈ প্ৰশাসনে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে৷

এই ডিজিটেল লোকপিয়লৰ প্ৰাথমিক পৰ্যায় অহা ৰ আগষ্টৰ পৰা ১৫ আগষ্টলৈ চলিব, য’ত নাগৰিকসকলে নিজে নিজৰ তথ্য পঞ্জীয়ন কৰিব পাৰিব৷ তাৰ পিছত ১৬ আগষ্টৰ পৰা ১৪ ছেপ্টেম্বৰলৈ ঘৰ চিনাক্তকৰণৰ কাম চলিব৷ ইয়াৰ পিছত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহলৈকে এই কাম চলি থাকিব৷এই বৃহৎ কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰিবলৈ ৰাজ্যজুৰি ডেৰ লাখতকৈও অধিক বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত তথ্য সংগ্ৰহকাৰীক নিয়োগ কৰা হ’ব৷ এই কৰ্মীসকলৰ হাতত স্মাৰ্টফোন থাকিব, যিবোৰেই লোকপিয়লৰ মূল সঁজুলি হিচাপে ব্যৱহাৰ হ’ব৷ এই প্ৰক্ৰিয়াৰ সফল ৰূপায়ণৰ বাবে চৰকাৰে প্ৰশিক্ষণ ব্যৱস্থা আৰম্ভ কৰিছে৷

জুলাই মাহৰ আৰম্ভণিতে ফিল্ড ট্ৰেইনাৰসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব আৰু তেওঁলোকে পিছলৈ বুথ পৰ্যায়ৰ কৰ্মীসকলক প্ৰযুক্তিৰ ব্যৱহাৰ শিকাব৷ লগতে জিলাসমূহত বিশেষ কণ্ট্ৰ’ল ৰূ¸ম স্থাপন কৰি সমগ্ৰ প্ৰক্ৰিয়াটোৰ নিৰীক্ষণ কৰা হ’ব৷ প্ৰশাসনৰ মতে, এই ডিজিটেল লোকপিয়লৰ মূল লক্ষ্য হৈছে কাগজ-কলমৰ জটিলতা দূৰ কৰি দ্ৰুত আৰু সঠিকভাৱে দেশৰ জনসংখ্যাৰ তথ্য সংগ্ৰহ কৰা৷ এই ব্যৱস্থাই ভাৰতৰ ডিজিটেল ৰূপান্তৰণৰ পথত এক গুৰুত্বপূৰ্ণ মাইলষ্টোন হিচাপে পৰিগণিত হ’ব৷

Related Articles