২০২৯তহে বিজেপিয়ে ৩৩শতাংশ আসন সংৰক্ষণ কৰিব মহিলা প্ৰাৰ্থীৰ বাবেঃতেজপুৰত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী

ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৩৩শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ চিন্তা বিজেপি দলে কৰি আছে৷সেয়া ২০২৯ৰ পৰা কাৰ্যকৰী হ’ব৷কিন্তু আগন্তুক ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত য’ত উপযুক্ত মহিলা প্ৰাৰ্থী আছে তাত তেওঁলোকক প্ৰাৰ্থীত্ব দিব লাগে৷ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অতি দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি আছে৷কেৱল মহিলা হ’লেই যে মুখ্যমন্ত্ৰী হ’ব লাগিব সেয়া মই নিবিচাৰোঁ৷এগৰাকী মহিলা মুখ্যমন্ত্ৰী হ’বলৈ হ’লে তেনে যোগ্যতাও লাগিব৷” ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ মহিলামৰ্চাৰ সভানেত্ৰী নীলিমা দেৱীয়ে তেজপুৰত আজি সংবাদমাধ্যমৰ আগত এইদৰে মন্তব্য কৰে৷তেজপুৰৰ পৰোৱাস্হিত বিজেপিৰ শোণিতপুৰ জিলা কাৰ্যালয়ত এক মহিলা সন্মিলনত অংশ ল’বলৈ অহা বিজেপি নেত্ৰী গৰাকীয়ে বিহাৰৰ শেহতীয়া নিৰ্বাচনী ফলাফল সন্দৰ্ভত কয় যে পৰাজিত হোৱা দলবোৰে ভোট চুৰিৰ কথা কয়েই৷সৰ্বসাধাৰণে বেলটত ভোট দিছে গতিকে ইয়াত ভোট চুৰি কোনে কৰিব বুলিও তেওঁ মন্তব্য কৰে৷

কংগ্ৰেছ দলে নিৰ্বাচনত পৰাজিত হ’লেই আবোলতাবোল বকে বুলিও তেওঁ কটাক্ষ কৰে৷আনহাতে,জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ৰাজ্যলৈ অনাৰ পৰা অন্ত্যেষ্টিক্ৰিয়ালৈকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যিদৰে দায়িত্ব পালন কৰিলে আনে সেইদৰে নোৱাৰিলেহেঁতেন বুলিও তেওঁ দাবী কৰে৷তেওঁ কয় “ জুবিন গাৰ্গে ন্যায় পোৱাটো আমিও বিচাৰোঁ কিন্তু এই ন্যায়িক প্ৰক্ৰিয়াটোত অলপ সময় ল’বই৷মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত পিছহুহুকি নাহে৷” শোণিতপুৰত বিজেপিৰ সাংগঠনিক শক্তি যথেষ্ট সৱল বুলি মন্তব্য কৰি বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী নীলিমা দেৱীয়ে কয় যে বিজেপিৰ অগপৰে মিত্ৰতা থকাৰ বাবেই বহুবছৰ এৰি দিয়াৰ দৰেই তেজপুৰৰ আসনখন যোৱাবাৰো অগপক এৰি দিছিল আৰু সেই মতে তেওঁক বিজয়ী কৰাই নিছিল৷এইবাৰো বিষয়টো দুয়োটা মিত্ৰ দলে এইক্ষেত্ৰত সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰি লগতে কয় যে,এইক্ষেত্ৰত চাব লাগিব ৰাইজে কাক বিচাৰে৷আনহাতে বিজেপি দলৰ হৈ কোনো উপযুক্ত মহিলাই য’দি তেজপুৰৰ পৰা প্ৰাৰ্থীত্ব বিচাৰে তেনেহলে তেওঁ ভাল পাব বুলিও উল্লেখ কৰে৷


বিজেপিৰ ৰাজ্যক নেত্ৰী গৰাকীয়ে শোণিতপুৰ জিলা মহিলা মৰ্চা আৰু যুৱমৰ্চাৰ উদ্যোগত আয়োজিত আত্মনিৰ্ভৰশীল ভাৰত অভিযান শীৰ্ষক মহিলা সন্মিলনখনৰ সন্দৰ্ভতো মন্তব্য কৰি তেওঁ কয় যে,মহিলা সকল এতিয়া কেৱল পাকঘৰতে আৱদ্ধ নাথাকি বাহিৰলৈ ওলাই আহিছে৷তেওঁ কয় যে,ভাৰত আত্মনিৰ্ভৰশীল হ’বলৈ হ’লে সকলো স্বাৱলম্বী হ’ব লাগিব৷এইক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যচৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে,বৰ্তমান সমস্যা যথেষ্ট আছে৷গতিকে সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যয়ৰ বাবে উপাৰ্জনৰ আৱশ্যক আছে৷তেওঁ লগতে দেশৰ প্ৰাচীন আয়ুৰ্বেদৰ প্ৰসংগও উল্লেখ কৰি বিজ্ঞানৰ সমানে দেশৰ পৌৰাণিক সংস্কৃতিকো আগবঢ়াই নিব লাগিব আৰু এইক্ষেত্ৰত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলিও মন্তব্য কৰে৷

Related Articles