Narendra Modi । দুদিনীয়া কাৰ্যসূচীৰে অহা ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ অসমলৈ আহিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে হাজাৰ হাজাৰ ৰাইজক সম্বোধন কৰিব।
জানিব পৰা মতে, ২০ ডিচেম্বৰৰ বিয়লি প্ৰায় ৩ বজাত প্ৰধানমন্ত্ৰী মোদী গুৱাহাটীত উপস্থিত হ’ব। এই সময়চোৱাত তেওঁ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নতুনকৈ নিৰ্মাণ কৰা টাৰ্মিনেল মুকলি কৰিব। লগতে নতুন বিমান বন্দৰ চৌহদত অসমৰ মহান নেতা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। ইয়াৰ পাছতে প্ৰায় ৭০ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত এখন বৃহৎ জনসভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক লৈ ইতিমধ্যে শাসকীয় দলৰ নেতা-মন্ত্ৰীসকল তৎপৰতাত নামি পৰিছে। এই সন্দৰ্ভত আজি দক্ষিণ কামৰূপ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা। মোদীৰ জনসভালৈ দক্ষিণ কামৰূপ জিলাৰ পৰা কিমান সংখ্যক ৰাইজক অনা সম্ভৱ হ’ব, সেই বিষয়ে দলীয় কৰ্মীৰ সৈতে বিস্তৃত মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। সকলো ব্যৱস্থা সুশৃংখল আৰু সফলভাৱে সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ।
প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যসূচী অনুসৰি, বিমান বন্দৰ উদ্বোধনৰ উপৰিও গুৱাহাটীত প্ৰায় তিনিটাকৈ কাৰ্যসূচীত অংশ ল’ব তেওঁ। প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীগৰাকী বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ যাব। বশিষ্ঠস্থিত এই কাৰ্যালয়ৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দীঘল এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব মোদীয়ে। নিশাটো তেওঁ কইনা ধৰা অঞ্চলত কটাই ২১ ডিচেম্বৰৰ পুৱা সতী সাধনী শান্তি উদ্যানলৈ গৈ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰিব।
ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত গৈ অসম আন্দোলনৰ ৫৬০ জন শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব। তাৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উৰা মাৰিব।
ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্প উদ্বোধন কৰিব। প্ৰায় ১২ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পটোত বছৰি ১২ লাখ মেট্ৰিক টন উৎপাদন ক্ষমতাসম্পন্ন এমোনিয়া-ইউৰিয়া উৎপাদন কৰা হ’ব। ইয়াৰ লগতে নামৰূপত অনুষ্ঠিত এখন বৃহৎ জনসভাতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক নতুন বছৰৰ পূৰ্বে অসমৰ ৰাইজলৈ এক বিশেষ উপহাৰ হিচাপে গণ্য কৰা হৈছে।

