২৫ বছৰৰ মূৰত তিনিচুকীয়াত ২৫ অক্টোবৰৰ পৰা ৰঞ্জী ট্ৰফীৰ খেল

সুদীৰ্ঘ ২৫ বছৰৰ মুৰত তিনিচুকীয়াত ৰঞ্জী ট্ৰফী খেল খেলিব পৰাকৈ সকলো দিশৰ পৰাই সজাই পৰাই তুলিছে চহৰৰ জিলা ক্ৰীড়া সন্থাৰ কছুজান খেলপথাৰ ৷ এখন ঐতিহাসিক খেলপথাৰ হিচাপে এসময়ত গৌৰৱ কৰিব পৰা কছুজান খেলপথাৰখনৰ উন্নয়ন হোৱাৰ বাবে ইতিমধ্যে ৰঞ্জী ট্ৰফীৰ খেল অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে ৷ তিনিচুকীয়াৰ ক্ৰীড়া প্ৰেমী ৰাইজৰ বাবে সুখবৰ যে, অহা ২৫ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ অসম বনাম ছাৰ্ভিচেজৰ মাজত অনুষ্ঠিত হ’ব সুদীৰ্ঘ ২৫ বছৰ বিৰতিৰ পাছত ৰঞ্জী ট্ৰফীৰ ক্ৰিকেট খেল ৷

জিলা আয়ুক্ত স্বপ্নীল পালে আজি খেলপথাৰ পৰ্যবেক্ষণ কৰি খেলৰ উপযোগী কৰি তোলা তিনিচুকীয়া ক্ৰীড়া সন্থাৰ কছুজান খেলপথাৰৰ সকলো বিষয়ৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ খুটিনাটি নাথাকে সেইটো লক্ষ্য কৰে ৷ তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামৰ পুনঃউন্নয়ন আৰু ৰূপান্তৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত এই মাহৰ পৰাই দুখনকৈ ৰঞ্জী ট্ৰফী খেলৰ সময়সূচী নিৰ্ধাৰিত হৈছে বুলি জানিব পৰা গৈছে ৷ সেই অনুসৰি প্ৰথমখন খেল হ’ব অহা ২৫ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ অসম বনাম ছাৰ্ভিচেছৰ মাজত অনুষ্ঠিত হোৱাৰ পাছত দ্বিতীয়খন খেল অহা ১ নৱেম্বৰ পৰা ৪ নৱেম্বৰত অসম বনাম ৰেলৱেজৰ মাজত অনুষ্ঠিত হ’ব ৷ উল্লেখযোগ্য যে, তিনিচুকীয়াত শেষ ৰঞ্জী ট্ৰফী খেলখন ২০০২ চনৰ জানুৱাৰী মাহত অসম আৰু উৰিষ্যাৰ মাজত অনুষ্ঠিত হৈছিল ৷ পৰবৰ্তী সময়ত ষ্টেডিয়ামখন মেৰামতিৰ অভাৱত নষ্ট হ’বলৈ ধৰাত খেলৰ আয়োজন বন্ধ হৈ পৰিছিল ৷ এইবাৰ আৰম্ভ কৰিবলৈ লোৱা ৰঞ্জী ট্ৰফীৰ এই খেলত ভাগ লবলৈ অসম দলৰ নেতৃত্ব দি ৰিয়ান পৰাগ তিনিচুকীয়াত উপস্থিত হ’বহি ৷

Related Articles