দৈনন্দিন বাৰ্তাৰ সেৱা,হাজো;১১ অক্টোবৰঃ কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত একাদি মালিবাৰী নিবাসী বিশিষ্ট শিক্ষক ,লেখক ,সমাজ সেৱক হেমন্ত ডেকাৰ সৃষ্টিশীল জীৱনৰ অভিলাষা।২৮ টা বছৰে বিনা বেতনে শিক্ষকতা কৰা এগৰাকী অৱসৰী শিক্ষকৰ জীৱন গাথা।তেওঁৰ নাম হেমন্ত ডেকা।আৰ্থিক দৈন্যতাই কোঙা কৰা অৱসৰী শিক্ষক হেমন্ত ডেকাৰনিচেই সৰুৰে পৰা সাহিত্যৰ প্ৰতি দুৰন্ত হেঁপাহ আছিল। সুদীৰ্ঘ ২৮টা বছৰে বিনা বেতনেই হেমন্ত ডেকাই অপ্ৰাদেশীকৃত একাদি মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষকৰূপে কৰ্মৰত আছিল।
ছাত্ৰ ছাত্ৰী সকলৰ জীৱন গঢ়াৰ স্বাৰ্থতে নিজৰ জীৱন সৰোগত কৰি বিনা বেতনে সেৱা আগবঢ়াই অহা অৱসৰী শিক্ষক হেমন্ত ডেকাই ইতিমধ্যে ৭ খনকৈ ভক্তিমূলক গ্ৰন্থ ভক্তি সংখ্যা তত্ত্ব,ভক্তি সৰোবৰ,ভক্ত পূজাৰী,ভক্তি প্ৰদীপ,আধুনিক নাম,ভক্তি প্ৰবাহ,ভক্তিৰ বলেই কৰ্মফল আদি লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ সক্ষম হৈছে।আৰ্য মহাবিদ্যালয় আৰু পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হেমন্ত ডেকাৰ বাতৰি কাকত ,আলোচনীত প্ৰৱন্ধ ,গল্প আদি লিখা, গীতা পাঠ,জ্যোতিষ চৰ্চাৰ ওপৰতো আছে একান্ত হেঁপাহ।ইয়াৰোপৰি হেমন্ত ডেকাৰ অশেষ প্ৰচেষ্ঠাত ১৯৮৯ চনতে দিহিনা দামোদৰদেৱ এম.ই স্কুলখন স্থাপিত হৈছিল।সমান্তৰালভাৱে একাদি অঞ্চলৰ বিভিণ্ণ নামঘৰ ,মন্দিৰ প্ৰতিষ্ঠাতো তেওঁৰ এক অনবদ্য অৱদান আছে। কিন্তুু অতি পৰিতাপৰ বিষয় যে সমাজসেৱক হেমন্ত ডেকাই কেইবাবাৰো সাহিত্যিক পেঞ্চনৰ বাবে আবেদন দাখিল কৰিওঁ আজিকোপতি সাহিত্যিক পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে।উল্লেখ্য যে ২৮ টা বছৰে বিনা বেতনে শিক্ষকতা কৰি অৱসৰ লোৱা এগৰাকী আদৰ্শৱান শিক্ষকে সাহিত্যিক পেঞ্চনৰ বাবে বাৰুকৈয়ে গ্ৰহনযোগ্য হোৱা বিষয়ৰ লগতে গ্ৰামাঞ্চলৰ এনে এগৰাকী মানুহ গঢ়া শিক্ষক,সাহিত্যিকক চৰকাৰে সুদৃষ্টি দিয়াটো অতিকৈ প্ৰয়োজন আছে বুলি বিভিণ্ণ মহলত চৰ্চিত হৈছে । তদুপৰি বৰ্তমানো সাহিত্য চৰ্চাৰে জীৱন আগবঢ়োৱা লিখক হেমন্ত ডেকাই সাহিত্যিক পেঞ্চনৰ ব্যৱস্থাৰে জীৱনটোক কিছু সকাহ দিবলৈ আজি চৰকাৰলৈ কৰযোগে অনুৰোধ জনায়।অৱশ্যে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাষনে অনাগত দিনত কি ব্যৱস্থা গ্ৰহন কৰে সেয়া সযয়তহে লক্ষ্যনীয় হ’ব।