অভিনেত্ৰী সঞ্চিতা উগালেৰ চৰমপন্থা।
জনপ্ৰিয় হিন্দী ধাৰাবাহিক ‘কুমকুম ভাগ্য’ত অভিনীত অভিনেত্ৰী সঞ্চিতা উগালেৰ আত্মহনন।
মুম্বাইৰ নালাছোপাৰাস্থিত নিজ বাসগৃহতে মৃত্যু অভিনেত্ৰীগৰাকীৰ।
দেওবাৰে সন্ধিয়া এই ঘটনা সংঘটিত কৰে অভিনেত্ৰীগৰাকীয়ে।
অভিনেত্ৰীগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰীয় টেলিভিশ্বন জগতত শোকৰ ছাঁ।
কুমকুম ভাগ্য আৰু ৱাগলে কি দুনিয়া আদি জনপ্ৰিয় অনুষ্ঠানত অভিনয় কৰি সুপৰিচিত আছিল টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালে।
মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকী বয়স আছিল ৩০ বছৰ।
আচোলে থানাৰ সহকাৰী আৰক্ষী পৰিদৰ্শক বিনোদ বাগে জানিবলৈ দিয়া মতে, সন্ধিয়া ৭ বজাৰ পৰা ৭:৩০ বজাৰ ভিতৰত সঞ্চিতাই নিজকে শোৱা কোঠাৰ ভিতৰত আবদ্ধ কৰি শাৰী ব্যৱহাৰ কৰি চিলিং ফেনত ফাঁচী লোৱাৰ অভিযোগ উত্থাপন কৰে।
এই ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত থকাৰ লগতে গোচৰটোৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

