দলৰ হাই কামাণ্ডে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদৰ এক প্ৰকাৰ জয় নিশ্চিত বুলি দাবী কৰে।
বিৰসিং জৰুৱা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব কোনে লাভ কৰিব যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদ, নে বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে?
এইবাৰ বিধান সভা নিৰ্বাচনত ৰাজ্যত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ’ব বুলি দাবী যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদৰ। নৱ গঠিত বিৰসিং জৰুৱা সমষ্টিত উচ্চ শিক্ষিত যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিছৰাৰ বাবে এইবাৰ বিপদ-ঘন্টা বাজিব নেকি বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ?
এতিয়া আহিছোঁ মূল কাহিনী লৈ দীৰ্ঘদিনৰ পৰাই এইগৰাকী উচ্চ শিক্ষিত যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদে নিজৰ NGOৰ হতুৱাই গৰাখহনীয়া, বান আক্ৰান্ত ৰাইজৰ লগতে বিভিন্ন বিপদ-আপদৰ সময়ত ৰাইজৰ কাষত থিয় হৈ সহায়- সহযোগিতা আগবঢ়োৱাৰ বহুত অৱদান আছে বুলি আজি এক সংবাদমেল যোগে জানিবলৈ দিয়ে।

