শদিয়াত থকা সময়ত কেঁচুৱা ভূপেন হাজৰিকাৰ এটা মনোৰম কাহিনী আছে । এই সন্দৰ্ভত মঞ্জুলা হাজৰিকাই কয়, “ভূপেনদাৰ পিতৃ নীলকান্ত হাজৰিকাই কাম কৰিছিল শদিয়াত । তেওঁ নেফাত কাম কৰিছিল । সেইসময়ত তেওঁৰ পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাই উক্ত অঞ্চলটোৰ লোকসকলৰ সৈতে খুব মিলাপ্ৰীতিৰে আছিল । এদিন মাতৃ শান্তিপ্রিয়া হাজৰিকাই ভূপেনদাক শুৱাই থৈ ঘৰুৱা কাম-কাজত ব্যস্ত হৈ আছিল । কাম কৰি আহি দেখে যে তাত ভূপেনদা নাই । চাৰিওফালে হুলস্থূল লাগিল । থানাতো খবৰ দিয়া হ’ল । পিছে, তিনিদিনলৈ ভূপেনৰ কোনো খবৰ নাই ।”

মঞ্জুলা হাজৰিকাই পুনৰ কয়, “তিনিদিনৰ পিছত বলুং গাঁৱৰ আদি মহিলা কেইগৰাকীমানে ভূপেনদাক লৈ আহিছে । লৈ আহি শান্তিপ্রিয়াক জনালে যে তেওঁলোকে মৰমতে শিশুটিক লৈ গৈছিল । সেই তিনিদিন মহিলাসকলে ভূপেনদাক তেওঁলোকৰ দুগ্ধ খুৱাই ৰাখিছিল ।” লগতে তেওঁ কয়, “ভূপেনদা শেষৰ তিনি মাহমান সময় আমাৰ ঘৰত আছিল । সেইসময়ত মই ভূপেন হাজৰিকাৰ ‘লুইতৰ পৰা মিচিচিপিলৈ’ এই গ্ৰন্থখন লিখিবলৈ লৈছিলো । এইবোৰ ভূপেনদাৰ মুখেৰে শুনা কথা ।”

