ৰঙিয়া বিধানসভা সমষ্টিত একেদিনাই অৰ্ধশতাধিক মহিলা নামৰ দলক নামৰ সামগ্ৰী প্ৰদান ।কথা মতে কাম ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাৰ।

ৰঙিয়া বিধানসভা সমষ্টিত অৰ্ধশতাধিক মহিলা নামৰ দলক নামৰ সামগ্ৰী প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাই।বিগত সময়চোৱাত কেইবাটাও অনুষ্ঠানত মহিলা সকলে নামৰ সমগ্ৰ বিচাৰিছিল আৰু আজি নিজ হাতে প্ৰদান কৰে এই সমূহ সামগ্ৰী। নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিছে, সিমানে ৰঙিয়া বিধানসভা সমষ্টিত বিজেপি দলৰ টিকট প্ৰত্যাশীসকলৰ ভিতৰত ৰাতুল শৰ্মা অন্যতম হৈ পৰিছে।

কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত হাজো বিধানসভা সমষ্টিৰ এক বৃহৎ অংশ ৰঙিয়া সমষ্টিলৈ অন্তৰ্ভুক্ত হোৱাত, পূৰ্বৰ হাজো সমষ্টি বৰ্তমানৰ ৰঙিয়া বিধানসভা সমষ্টিৰ যুৱনেতা তথা বৰ্তমান ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাৰ এই সমষ্টিত এক শক্তিশালী ভেটি আছে।
ৰাতুল শৰ্মাই সমষ্টিটোৰ চুক-কোণে নিৰ্বাচনী প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰি দিছে। আজিৰ এই কাৰ্যসূচীত সমষ্টিৰ প্ৰায় অৰ্ধশতাধিক মহিলা দলক নামৰ সামগ্ৰী দিয়াৰ উপৰিও, বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলক খেল-ধেমালিৰ সামগ্ৰী প্ৰদান কৰা কৰিছে। এই সামগ্ৰীবোৰে খেলুৱৈসকলৰ মাজত খেলৰ পৰিৱেশ আৰু খেলুৱৈসুলভ মনোভাৱ বৃদ্ধি কৰাত অৰিহণা যোগাব। ৰাতুল শৰ্মাৰ এই সমাজসেৱামূলক আৰু উৎসাহবৰ্ধক কাৰ্যই সমষ্টিৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ প্ৰশংসা আদায় কৰিছে।


উল্লেখযোগ্য যে, বিগত সময়ছোৱাত অসম যুৱ আয়োগৰ সদস্য তথা ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে সমষ্টিটোত কেইবাটাও চৰকাৰী আঁচনিৰ শুভাৰম্ভণি কৰিছে। তেওঁ ৰাজ্যিক বিজেপিৰ সভাপতিৰ অতি ঘনিষ্ঠ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ একনিষ্ঠ সেৱক হিচাপে পৰিচিত। ৰাতুল শৰ্মাই সমষ্টিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণসিংহা বজাইছে।
এক নিৰ্ভৰযোগ্য সূত্ৰৰ মতে, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্বৰ পৰা সেউ-সংকেত লাভ কৰি ৰাতুল শৰ্মাই ৰঙিয়া সমষ্টিত নিৰ্বাচন প্ৰচাৰ অভিযান জোৰদাৰভাৱে আৰম্ভ কৰিছে। সমষ্টিৰ চুক-কোণে বেনাৰ, পোষ্টাৰ আদিৰে সজ্জিত কৰা হৈছে। এই প্ৰচাৰসমূহে ৰাতুল শৰ্মাৰ ৰাজনৈতিক অভিযানক গতিশীল কৰি তুলিছে।

Related Articles