নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ শগুণবাহী আৰু লুংচুং চাহ বাগিছাত প্ৰায় ২৭০০ গৰাকী চাহ শ্ৰমিকক এটি কলি দুটি পাত আঁচনিৰ জড়িয়তে পাঁচ হাজাৰ টকাকৈ চেক বিতৰণ কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।শগুণবাহী চাহ বাগিছাৰ পূজা মণ্ডপ আৰু লুংচুং চাহ বাগিছাৰ পূজা মণ্ডপত অনুষ্ঠিত হোৱা দুখনকৈ ৰাজহুৱা সভাত চেক বিতৰণ কৰে বিধায়ক গৰাকীয়ে।দুয়োখন সভাতে বিধায়ক গৰাকীয়ে দুশ বছৰীয়া চাহ উদ্যোগৰ শ্ৰমিক সকলক বিজেপি চৰকাৰ খনে কেনেদৰে উপকৃত কৰিছে উল্লেখ কৰাৰ লগতে চাহ শ্ৰমিক সকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে।

ইফালে লুংচুং চাহ বাগিছাৰ চেক বিতৰণ অনুষ্ঠানত বিধায়ক গৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় আগন্তুক বিধানসভা নিৰ্বাচনত বঢ়মপুৰ সমষ্টিত বিজেপিয়ে খেলাটো নিশ্চিত।ইফালে অসম জাতীয় পৰিষদৰ পৰা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে কয় ৰাজেন গোহাঁই মোৰ ৰাজনৈতিক গুৰু যদিও ৰাজনীতিৰ ক্ষেত্ৰত এইটো ব্যতিক্ৰম। ৰাজনীতিত কোনো শত্ৰু নাই কোনো মিত্ৰ নাই।ইফালে কংগ্ৰেছ আৰু অখিল গগৈৰ সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় কংগ্ৰেছ আৰু অখিল গগৈয়ে কমিচন থকা আঁচনি লয়। তেওঁ লোকে সকলো আঁচনি বন্ধ কৰাটো বিচাৰে বুলি উল্লেখ কৰে। তেওঁ লোক মুংগিৰলাল কা হাচিন চৰকাৰ বুলি উল্লেখ কৰে।আজিৰ শগুণবাহী আৰু লুংচুং চাহ বাগিছাৰ এতি কলি দুটি পাতৰ চেক বিতৰণ অনুষ্ঠানত শ্ৰম বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা, সাধাৰণ সম্পাদক অৰবিন্দ চৌধুৰী,তিৱা কাউন্সিলৰ অধ্যক্ষ মদন বৰদলৈ কেইবাগৰাকীও চাহ জনজাতি নেতা ,বাগিচা সমূহৰ পৰিচালক সকল উপস্থিত থকাৰ লগতে দুয়োখন সভা তিনি সহস্ৰাধিক পুৰুষ মহিলা উপস্থিত থাকে।আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটি কলি দুটি পাতৰ চেক বিতৰণ কৰাৰ সমান্তৰালকৈ বঢ়মপুৰ সমষ্টিৰ চাহ বাগিচা সমূহৰ চেক সমূহ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যৰ চাহ বাগিছা সমূহৰ ৬ লাখৰো অধিক শ্ৰমিক কৰ্মচাৰীক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰি মুঠ ৩০২ কোটি টকা মুকলি কৰি দিছে ৰাজ্য চৰকাৰে।

