ৰাজ্যজুৰি সূচল ১০৮ মৃত্যুঞ্জয় সেৱা

কৰ্মচাৰীৰ আন্দোলনৰ পাছতো ৰাজ্যত ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা সম্পূৰ্ণৰূপে পুনৰ আৰম্ভ কৰা হৈছে আৰু সম্পূর্ণ স্বাভাৱিক কার্যকলাপ দ্রুতগতিত হৈ আছে । এই কথা সদৰি কৰিছে ১০৮ সেৱা পৰিচালনা কৰা ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছ কৰ্তৃপক্ষই ।

বুধবাৰে ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছৰ মানৱ সম্পদ বিভাগৰ মুৰব্বী সিদ্ধাৰ্থ লস্কৰে কয়, ‘‘সমগ্ৰ ৰাজ্যখনত ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা সম্পূৰ্ণৰূপে পুনৰ আৰম্ভ কৰা হৈছে আৰু সম্পূর্ণ স্বাভাৱিক কার্যকলাপ দ্রুতগতিত হৈ আছে । অসমৰ জনসাধাৰণৰ বাবে নিৰৱচ্ছিন্ন জৰুৰীকালীন সঁহাৰি নিশ্চিত কৰিবলৈ ই এম আৰ আয়ে সফলতাৰে সকলো জিলাত প্ৰায় ১২৭০ জন কৰ্মচাৰীক বাছনি, প্ৰশিক্ষণ আৰু নিয়োজিত কৰিছে । ৯০ জন ই আৰ অ’ক ২৪ ঘণ্টাই কাম-কাজৰ বাবে কল চেণ্টাৰত বাছনি, প্ৰশিক্ষণ আৰু মোতায়েন কৰা হৈছে ৷ ইয়াৰোপৰি জিলা প্ৰশাসনে ক্ষেত্ৰীয় কাৰ্যকলাপ অধিক শক্তিশালী কৰিবলৈ প্ৰায় ৩০০ জন কৰ্মচাৰী প্ৰদান কৰি গুৰুত্বপূৰ্ণ সমর্থন আগবঢ়াই আহিছে । তদুপৰি ৭০০ৰো অধিক চালকে দৈনিক মজুৰিৰ আধাৰত এম্বুলেন্স পৰিচালনা কৰি আছে । যি দিন আৰু ৰাতি দুয়োটা সময়ৰ কভাৰেজ নিশ্চিত কৰে ।’’

উল্লেখ্য যে চাকৰিৰ নিয়মীয়াকৰণ আৰু প্ৰাপ্য আদায়ৰ দাবীত গুৱাহাটীৰ চচলত আৰম্ভ কৰা সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীয়ে বুধবাৰে দশমটো দিন অতিক্ৰম কৰে । বিগত দহদিন ধৰি চচলৰ ধৰ্ণাস্থলীত প্ৰাপ্য আদায়ৰ দাবীৰে ধৰ্মঘট আৰম্ভ কৰা কৰ্মচাৰীসকলৰ অনির্দিষ্টকালীন কৰ্মবিৰতি অব্যাহত আছে ।

Related Articles