ৰাজ্যত ৭ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ লক্ষ্য চৰকাৰৰ, অৰুণোদয় আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত হ’ব ছয় লাখ লোক

আজি গুৱাহাটীৰ শ্ৰীমন্ত কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অসমত ৩ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰাৰ লগতে বাগিচা অঞ্চলত ১০০খন মডেল ছেকেণ্ডেৰী স্কুলৰ আধাৰশিলাও স্থাপন কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বাগিচা অঞ্চলত চাৰিখন বাগিচাৰ মাজত এখন হাই স্কুল আৰু ১৫খন বাগিচাৰ মাজত এখন কলেজ খোলা হ’ব।
আমাৰ চৰকাৰে ৯৭খন উচ্চ মাধ্যমিক বিদ্যালয়‌ নিৰ্মাণ কৰিছে এবছৰৰ ভিতৰতে। ৭৩৭ শিক্ষক নিযুক্তি দিছে।’’

মুখ্যমন্ত্ৰীয়ে কয়, আজি তিনি হাজাৰ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হৈছে। ‌অহা বছৰ আৰু ২০০০ কেন্দ্ৰ স্থাপন কৰা হ’ব‌। আনহাতে, অৰুণোদয় আঁচনিত নতুনকৈ ছয় লাখ লোক অন্তৰ্ভুক্ত হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

ৰাষ্ট্ৰপতিৰ সন্মুখত অসমৰ চাহ বাগিচাৰ দীঘলীয়া ইতিহাস বৰ্ণনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, চাহ জনগোষ্ঠীয় লোকে নিজৰ কলা–সংস্কৃতিক লগত ৰাখি অসমীয়া সংস্কৃতিৰ সৈতে মিলি গৈছে। চাহ বাগিচাৰ ওপৰত বহু ছবিও নিৰ্মাণ হৈছে। ঝুমুৰ আজি অসমৰ সংস্কৃতিৰ এটা অভিন্ন অংশ।

‘‘আমি বাগিচাৰ জীৱনৰ উন্নয়নৰ বাবে কাম কৰি আহিছো। প্ৰায় ৭০ লাখ চাহ জনগোষ্ঠীয় লোকৰ শিক্ষাৰ বাবে আমি কাম কৰিছো। ইতিমধ্যে ৯৭খন হাই স্কুল নিৰ্মাণ হৈছে, ২২খন নিৰ্মাণ হৈ আছে আৰু ১০০খন হ’ব। ১৬ হাজাৰৰ অধিক বাগানৰ শিক্ষাৰ্থী এই বিদ্যালয়সমূহলৈ আহিছে। ৰাজ্যত মেডিকেল কলেজ সমূহত ৩খনকৈ আসন বাগানৰ শিক্ষাৰ্থীৰ বাবে আছে। ২৬ৰ আগত বাগানৰ মাজত কলেজ স্থাপনৰ কামো আমি কৰিম।’’ – ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰাজ্যত ৭ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। একোটা কেন্দ্ৰৰ বাবে ২৫ লাখকৈ ব্যয় কৰা হ’ব বা হৈছে।

নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, ৯৮৭৯ কোটি টকাৰে পথ নিৰ্মাণ কৰা হৈছ। আৰু বহু পথৰ কাম ৰাজ্যত চলি আছে। নাগালেণ্ডত প্ৰথম ৰে’ল ষ্টেচন ১০০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল, ১০০ বছৰ পিছত এতিয়া দ্বিতীয় ষ্টেচন বনাই মুকলি কৰা হৈছে। শক্তি খণ্ডত ৰাজ্যক স্বাৱলম্বী কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে।

Related Articles