ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
চৰকাৰৰ অনুমতি অবিহনেই আৰম্ভ কৰিব পাৰিব ক্ষুদ্ৰ উদ্যোগ
অসম আৰক্ষীৰ ১১২ নম্বৰ সেৱাৰ আধুনিকীকৰণৰ বাবে ৯৭.৯০ কোটি টকা অনুমোদন
বিশ্বনাথ চাৰিআলিত স্থাপন হ’ব বৃহৎ মিল্ক প্ৰছেচিং গোট
চুবুৰীয়া ৰাজ্যৰ পৰা অহা শিল-বালিয়ে এতিয়া অসমত দিব লাগিব কৰ


দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। কেবিনেট বৈঠকত কেইবাটাও অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সংবাদমেলত সদৰী কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম আৰক্ষীৰ ১১২ নম্বৰ সেৱাৰ আধুনিকীকৰণ কৰা হ’ব। ইয়াৰ বাবে ৯৭.৯০ কোটি কেবিনেটে আৱণ্টন দিয়ে। ইয়াৰ বাবে দেৰগাঁৱৰ লাচিত বৰফুকন একেডেমীত হ’ব নিয়ন্ত্ৰণকক্ষ স্থাপন কৰা হ’ব। ইয়াৰ বাবে ২০০খন আৰক্ষীৰ ভেন ব্যৱহাৰ হ’ব। ইয়াত ১ হাজাৰ জন চালক আৰু ২০০ গৰাকী যুৱক যুৱতী নিযোজিত হ’ব। ২৪ ঘণ্টাই উপলব্ধ হ’ব এই বিশেষ আৰক্ষী সেৱা। জিআইএছ (GIS) চালিত ভ্ৰাম্যমাণ বাহনেৰে নিয়ন্ত্ৰণ হ’ব সেৱা। প্ৰয়োজন সাপেক্ষে এম্বুলেঞ্চৰো ব্যৱস্থা কৰিব আৰক্ষীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে বিধানসভাৰ অধিৱেশনৰ সতে সংগতি ৰাখি কেইবাখনো আইনৰ ওপৰত আলোচনা কৰা হয়। অসম টুৰিজিম ডেফলমেণ্ট এণ্ড ৰেজিষ্টেচন সংশোধনী বিধেয়ক বিধানসভাত উত্থাপন হ’ব। ইয়াৰে জৰিয়তে হোটেল, হোমষ্টে পঞ্জীয়ন কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিশ্বনাথ চাৰিআলিত স্থাপন হ’ব এটা বৃহৎ মিল্ক প্ৰছেচিং ইউনিট। ইয়াৰ বাবে আমুলক ৩৩ বিঘা ভূমি আৱণ্টন দিয়া হব ।

চুবুৰীয়া ৰাজ্যৰ পৰা অহা শিল-বালিয়ে এতিয়া অসমত দিব লাগিব কৰ। ৰাজহ সংগ্ৰহ বৃদ্ধিৰ বাবে কৰা হ’ব আইনৰ সংশোধন। এতিয়াৰে পৰা চৰকাৰৰ অনুমতি অবিহনে ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিব পাৰিব। ৩ বছৰলৈ কোনো ক্ষুদ্ৰ উদ্যোগ পঞ্জীয়ন নকৰিলেও চলাব পাৰিব উদ্যোগটো। মাথোঁ আবেদন কৰিলে উদ্যোগ আৰম্ভ কৰিব পাৰিব। ইফালে পূৰ্বে বিভিন্ন বিভাগৰ পৰা অনুমতি ল’বলগীয়া আছিল উদ্যোগ ক্ষেত্ৰত। এতিয়াৰ পৰা মাথোঁ বাণিজ্য বিভাগৰ পৰা অনুমতি ল’লে আৰম্ভ কৰিব পাৰিব।চৰকাৰী ৰঙা সূতাৰ মেৰপেচ আঁতৰাবলৈ ৰাজ্য চৰকাৰে অসম জনবিশ্বাস বিধেয়কত অনুমোদন জনাইছে। অগৰ ব্যৱসায়ক শৃংখলিত কৰা বাবে এখন কেবিনেট কমিটি গঠন কৰা হব । মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী পীযুয হাজৰিকা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা লগত লৈ এই কমিটী গঠন হ’ব।

Related Articles