ৰাজ্যিক পৰ্যায়ত উজলিল ধেমাজিৰ প্ৰতিভাৱান খেলুৱৈ

ৰাজ্যিক পৰ্যায়ত উজলিল ধেমাজিৰ প্ৰতিভাৱান খেলুৱৈ। গুৱাহাটীৰ গড়চুকত যোৱা ১৯, ২০, ২১ আৰু ২২ নৱেম্বৰত অনুষ্ঠিত হোৱা ৪১ সংখ্যক State Taekwondo Championship-ত উজ্জ্বল প্ৰদৰ্শনেৰে ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তিনিগৰাকী খেলুৱৈয়ে।

ধেমাজিৰ পৰা মুঠ ১১ গৰাকী খেলুৱৈয়ে এই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ছাব-জুনিয়ৰ শাখাৰ ৩২ কেজিৰ তলৰ ওজন শাখাত আইচা কলিতাই ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বিপৰীতে ৮ বছৰৰ অনূৰ্ধ্বৰ ল’ৰাৰ শাখাত উদ্বীপ্ত বড়া আৰু তনবীৰ পাৰিকে সোণৰ পদক অৰ্জন কৰি ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Related Articles