ৰাজ্যৰ ভিতৰতে বয়োজেষ্ঠ অৱসৰী কৃতি শিক্ষকক সম্বৰ্দ্ধনা ৰাজ্যপালৰ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বহৰমপুৰ গাঁৱৰ নিৱাসী ৯৮ বছৰ গৰকা অৱসৰী কৃতি শিক্ষক প্ৰফুল্ল কুমাৰ বৰঠাকুৰক আজি অসমৰ মহামান্য ৰাজ্যপালে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ অৱসৰী কৃতি শিক্ষকগৰাকীক জামুগুৰিহাটস্থিত নিজ বাসগৃহত ৰাজ্যপালগৰাকীয়ে শৰাই, গামোছা, চেলেং, জাপি, প্ৰশস্তি পত্ৰ, ফলৰ টোপোলা, ছাতি আৰু ৫১ হাজাৰ টকাৰ চেক প্ৰদান কৰি সম্বৰ্দ্ধনা জ্ঞাপন কৰি ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই কয়- এজন শিক্ষকে এখন সমাজৰ পট পৰিবৰ্তন কৰি দিব পাৰে৷

এজন শিক্ষকে কোৱা এটা কথা ব্ৰজৰ দৰে কঠিন হব পাৰে৷ শিক্ষকৰ দ্বাৰা এখন সুন্দৰ ৰাষ্ট্ৰ নিৰ্মান হ’ব পাৰে৷ ৰাজ্যপাল গৰাকীয়ে লগতে কয়-ৰাজ্য খনৰ ভিতৰতেই একমাত্ৰ বয়োজ্যেষ্ঠ কৃতি অৱসৰী শিক্ষক প্ৰফুল্ল কুমাৰ বৰঠাকুৰ৷এনে এগৰাকী কৃতি শিক্ষকক আজিৰ দিনটোত মই “বৰিষ্ঠ শিক্ষক সন্মান” যাচিবলৈ পাই অতিশয় সুখী আৰু গৌৰাৱাম্বিত৷আনহাতে ৰাজ্যপালৰ হাতৰপৰা এনে সন্মান লাভ কৰি যথেষ্ট আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছে বয়োজ্যেষ্ঠ অবসৰী কৃতি শিক্ষক প্ৰফুল্ল কুমাৰ বৰঠাকুৰে৷

বিধায়ক পদ্ম হাজৰিকা আৰু ৰিতুবৰণ শৰ্মাইও এনে এক বিৰল মূহুৰ্তৰ সাক্ষী হ’বলৈ পাই যথেষ্ট সুখ অনুভৱ কৰাৰ কথাও সংবাদমাধ্যমৰ সন্মুখত ব্যক্ত কৰে৷ এই অনুষ্ঠানতসাংসদ ৰঞ্জিত দত্ত, জিলা আয়ুক্তকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Related Articles