Breaking

ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ যুগান্তকাৰী পদক্ষেপ

0 124


১৪ আগষ্টত ৰাজ্যত মুকলি হব ১০০০ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ
ভিডিঅ’ কনফাৰেন্সযোগে সকলো জিলাৰ উদ্বোধনী অনুষ্ঠানৰ বুজ ল’লে বিভাগীয় মন্ত্ৰী অজন্তা নেওগে
গুৱাহাটী, ১১ আগষ্ট – ৰাজ্য চৰকাৰৰ “সোণালী শৈশৱ বিকশিত অসম” আঁচনিৰ জৰিয়তে দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগে ‘চৰকাৰৰ নিজা অগ্ৰাধিকাৰ উন্নয়ন (SOPD) পূঁজি’ৰে সমগ্ৰ ৰাজ্যত এহেজাৰ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে। আদৰ্শ অংগনবাড়ী কেন্দ্ৰই প্ৰতি ২৫ লাখ টকাকৈ ব্যয় সাপেক্ষে সুন্দৰ আন্তঃগাঁথনিৰে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা অসমেই হৈছে দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য।
ইতিমধ্যে নিৰ্মাণ সমাপ্ত হোৱা এহেজাৰ অংগনবাড়ী কেন্দ্ৰ অহা ১৪ আগষ্টত আনুষ্ঠানিকভাৱে মুকলি কৰি শিশুসকলৰ বাবে উৎসৰ্গা কৰা হব। এই উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আজি বিভাগীয় মন্ত্ৰী অজন্তা নেওগে ভিডিঅ কনফাৰেন্সযোগে ৰাজ্যৰ প্ৰতিখন জিলাৰ অতিৰিক্ত উপায়ুক্ত (মহিলা আৰু শিশু বিকাশ) আৰু জিলা মহিলা আৰু শিশু বিকাশ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক উদ্বোধনী অনুষ্ঠান সুচাৰুৰূপে আৰু শৃংখলিতভাৱে, স্থানীয় ৰাইজৰ লগতে জনপ্ৰতিনিধিসকলৰ অংশগ্ৰহণ সুনিশ্চিত কৰি ৰূপায়ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৪ আগষ্টত কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ বঙৰাত নৱনিৰ্মিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো মুকলি কৰিব। সেই একেদিনাই বিভাগীয় মন্ত্ৰী অজন্তা নেওগে যোৰহাট জিলাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, মন্ত্ৰী নন্দিতা গাৰ্লোছাই বৰপেটাত, মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই বিশ্বনাথত, মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কাছাৰত, মন্ত্ৰী সঞ্জয় কিষাণে দৰঙত, মন্ত্ৰী ৰণোজ পেগুৱে ধুবুৰীত, মন্ত্ৰী অতুল বৰাই ডিব্ৰুগড়ত, মন্ত্ৰী কেশৱ মহন্তই গোলাঘাটত, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপ মহানগৰত, মন্ত্ৰী যোগেন মহনে লক্ষীমপুৰত, মন্ত্ৰী পিযুষ হাজৰিকাই নগাঁৱত, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীত, মন্ত্ৰী বিমল বৰাই শিৱসাগৰত আৰু মন্ত্ৰী অশোক সিংঘালে শোণিতপুৰত এই নৱনিৰ্মিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।
ইফালে, আজি মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে মুখ্যমন্ত্ৰীয়ে ১৪ আগষ্টত উদ্বোধন কৰিবলগীয়া কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বঙৰাত নিৰ্মাণ সমাপ্ত হোৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰটোত উপস্থিত হৈ শুভ উদ্বোধনী কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়।

Leave A Reply