ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভাই উদ্বোধন কৰিলে দুখন স্থায়ী সাংস্কৃতিক মঞ্চ

অসম-মেঘালয় সীমান্তৱৰ্তী ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২৫ নং হাহিম পৰিষদীয় সমষ্টিত দুখনকৈ স্থায়ী সাংস্কৃতিক মঞ্চৰ শুভ উদ্বোধন কৰে পৰিষদীয় সমষ্টিৰ অধ্যক্ষ সোণাৰাম ৰাভাই। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পুঁজিৰ প্ৰায় ১৬ লাখ টকাৰ ব্যয়েৰে হাহিম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মৌচোৱা আৰু লালমাটি গাঁৱত মঞ্চ দুখন নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে সোণাৰাম ৰাভাই।

অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চল হিচাপে ৰাজ্য চৰকাৰে হেমাহি কৰা পৰিলক্ষিত হয় যদিও ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে এই সীমান্তৱৰ্তী গাৱঁ সমূহৰ সামূহিক উন্নয়ন ক্ষেত্ৰত পৰিষদীয় পুজিৰে যথাসম্ভৱ উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি অহা হৈছে বুলিও জানিবলৈ দিয়ে অধ্যক্ষ সোণাৰাম ৰাভাই।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে স্থানীয় গঞা ৰাইজৰ লগতে হাহিম আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বিষয় ৰাভা, হাহিম পৰিষদীয় সমষ্টিৰ নিৰিক্ষণ কমিটিৰ সভাপতি কল্পৰাম ৰাভা, সাধাৰণ সম্পাদক বুদ্ধেশ্বৰ ৰাভাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

Related Articles